/asomiyapratidin/media/media_files/2025/10/14/1-2025-10-14-15-13-09.jpg)
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ নিয়ন্ত্রণ ৰেখাৰ সমীপত সোমবাৰে নিশা নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযান চলায়। এই অভিযানত দুজনকৈ সন্ত্রাসবাদী নিহত হয়। সেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে, সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত কুপৱাৰা ছেক্টৰৰ এল অ’ চিৰ সমীপত সেনাই সন্দেহজনক গতিবিধি লক্ষ্য কৰে।
লগে লগে সেনা বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে কালি যুটীয়া অভিযান চলায়। সেনাবাহিনীৰ মুখপাত্রই প্ৰকাশ কৰা অনুসৰি সেই সময়তে সন্ত্রাসবাদীয়ে গুলীবর্ষণ কৰে আৰু প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীবর্ষণ কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, অঞ্চলটোত অপাৰেচন অমৰ নামেৰে এই অভিযান অব্যাহত আছে। অভিযানকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা বহুতো অস্ত্র-শস্ত্র আৰু সা-সঁজুলি উদ্ধাৰ কৰিছে। ইফালে শীতকালৰ আৰম্ভণিৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰাপত্তা বাহিনীক সতৰ্ক থাকিবলৈ নিৰ্দেশ দিছে।
সন্ত্ৰাসবাদীয়ে তুষাৰপাতৰ সুযোগ লৈ নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে প্ৰৱেশ কৰিবলৈ কৰা যিকোনো প্ৰচেষ্টা ৰোধ কৰিবলৈ নিৰাপত্তা বাহিনী নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।