/asomiyapratidin/media/media_files/2025/08/20/murajhar-20-2025-08-20-21-08-22.jpg)
ডিজিটেল সংবাদ মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত আজি এজন সন্দেহজনক পাকিস্তানী নাগৰিক আটক হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে মোৰাঝাৰ গাওঁ পঞ্চায়তত প্ৰমাণপত্ৰ বনাবলৈ গৈ আটক হৈছে এই সন্দেহজনক পাকিস্তানী নাগৰিকজন।
সন্দেহজনক এই লোকজনৰ নাম আবুল কালাম। তেওঁ মোৰাঝাৰ থানাৰ অন্তৰ্গত হাতীশালী গাঁৱৰ আব্দুৰ ৰৌফিকৰ পিতৃ পৰিচয়ৰে তেওঁ সংগ্ৰহ কৰিবলৈ আহিছিল প্ৰমাণপত্ৰ। কিন্তু তেওঁৰ ভোটাৰ তালিকাত কোনো নাম নথকাত সন্দেহ জন্মে পঞ্চায়তৰ সচিব মোজাম্মিল আলীৰ। সেয়ে তেওঁ এই বিষয়ে স্থানীয় আৰক্ষীক খবৰ দিয়ে।
পৰৱৰ্তী সময়ত মোৰাঝাৰ আৰক্ষীয়ে সন্দেহজনক লোক জনত আটক কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত ব্যক্তিজনৰ হাতত পাকিস্তানৰ ভিছা থকা বুলি জানিব পৰা গৈছে। ইফালে এই লোকজনে অসমীয়া বা আন স্থানীয় ভাষাতো কথা ক'ব নোৱাৰে বুলি পঞ্চায়ত সচিবগৰাকীয়ে জানিবলৈ দিছে।
সমগ্ৰ ঘটনাৰাজিক লক্ষ্য ৰাখি লোকজনক হোজাই আৰক্ষী অধীক্ষক আৰু ব'ৰ্ডাৰ ব্ৰান্সে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷