/asomiyapratidin/media/media_files/2026/02/05/ghilamara-2026-02-05-21-08-15.jpeg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ ঘিলামৰাৰ এটা বিয়াগোম চৰকাৰী বিভাগৰ এগৰাকী মূৰব্বী বিষয়া বিগত ৪বছৰ ধৰি সন্ধান নাই । কামত যোগদান কৰিয়ে কত গল ,কি কৰি আছে তাৰ উৱাদিহ নাপাই ঘিলামৰাৰ জনসাধাৰনে । পৰিণতিত গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগটো এতিয়া পতিত হৈছে ভালুকৰ সাঙিলৈ।
ঘিলামৰা সদৰৰ মাজমজিয়াতে চহা প্ৰাণ ৰাইজৰ উপযোগী হোৱাকৈ স্থাপন কৰা হৈছিল ঘিলামৰা খণ্ড পশু চিকিৎসালয়খন । বৃহত্তৰ ঘিলামৰাৰ কৃষিজীৱী পশুপালক সকলৰ পশুধনৰ ৰোগ ব্যাধিৰ গুণগত চিকিৎসা সেৱা প্ৰদানৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰবৰ্তিত আঁচনিৰ সফল প্ৰয়োগেৰে পশুপালক সকলক উপকৃত কৰাৰ লক্ষ্যৰে স্থাপিত এইখন চৰকাৰী পশুচিকিৎসালয় এগৰাকী বেপৰোৱা চিকিৎসা বিষয়াৰ চূড়ান্ত দায়িত্বহীনতাৰ ফল ভুগি আহিছে ঘিলামৰাবাসীয়ে ।
প্ৰায় ৩০ সহস্ৰাধিক বিভিন্ন পোহনীয়া পশুধনৰ কেন্দ্ৰ ভূমি ঘিলামৰাত ৰাজ্য চৰকাৰৰ পশুপালন বিভাগে যোৱা ২০২১চনত খণ্ড পশুপালন বিষয়া (বি ভি অ') হিচাবে ঘিলামৰাত নিযুক্তি দিছিল ডাঃ সুস্মিতা নাথক । নিযুক্তি লাভ কৰিয়ে ডাঃ নাথে লখিমপুৰ জিলা পশুপালন বিভাগত যোগদান কৰি ঘিলামৰাৰ কৰ্মস্থলী চিকিৎসালয়ত উপস্থিত হৈছিল । ঘিলামৰাবাসী সচেতন মহলে বিষয়া গৰাকীৰ আগমনত প্ৰশান্তি লাভ কৰিছিল অন্ততঃ পোহনীয়া জীৱ কুলৰ স্বাস্থ্য ৰক্ষাত সহায়ক হব বুলি ।
পিছে ঘিলামৰাবাসীৰ আশাত চেঁচা পানী ঢালিবলৈ আধা ঘন্টা সময়ো নালাগিল ডাঃ নাথৰ । ঘিলামৰা কাৰ্যালয়ত উপস্থিত হৈয়ে কিছু সময় কটাই ৰাওনা হয় চিকিৎসক গৰাকী । সেই যে গল তাৰ পাছৰ পৰাই এইগৰাকী পশু চিকিৎসা বিষয়াৰ ছাঁটো দেখা নাই ঘিলামৰাবাসীৰ লগতে কৃষিজীৱী পশুপালক সকলে।
কি বানপানী ,কি নিৰ্বাচন , কি পিয়ল, কি চৰকাৰী আঁচনি ৰূপায়ন, কতো কেতিয়াও এইগৰাকী চিকিৎসা বিষয়াক ঘিলামৰা কিম্বা ঢকুৱাখনা সমজিলাত নেদেখে । যাৰ পৰিণতিত খণ্ডটোৰ পোহনীয়া পশুধনৰ এফ এম ডি , পি পি আৰ , চি এছ এফ ভেকচিন আদি বিভিন্ন আঁচনি ধোঁৱা চাংত উঠি আহিছে বছৰ বছৰ ধৰি।
ঘিলামৰা চিকিৎসালয়ৰ বিপৰীতে বেতন ভোগ কৰি ৪বছৰে এদিনৰ বাবেও সেৱা আগনবঢ়োৱা ডাঃ নাথৰ সুদীর্ঘদিনীয়া অনুপস্থিতিত খণ্ডটোৰ পশুপালন বিষয়া (আই চি বি পি) ডাঃ মানবেন্দ্ৰ গগৈৰ ওপৰত অতিৰিক্ত কামৰ বোজা জাপি দি বিভাগে ভাৰপ্ৰাপ্ত ব্যৱস্থাৰে মৃত্যুৰ মুখৰ পৰা চৰকাৰী চিকিৎসালয়খন জীয়াই ৰাখিছে । অথচ নিজস্ব কৰ্মথলীলৈ চৰকাৰী সেৱা প্ৰদানৰ বাবে ডাঃ নাথক প্ৰেৰণ কৰিব পৰা নাই জিলা পশুপালন বিষয়া ডাঃ অক্ষয় ব্ৰত কেশৰীয়ে ।
বছৰ বছৰ ধৰি কৰ্মথলীলৈ নহাকৈ কি শক্তিৰ বলত ডাঃ নাথে নিয়মীয়া বেতন ভোগ কৰি আহিছে সেয়া ঘিলামৰাবাসীৰ বাবে সাঁথৰ স্বৰূপ হৈছে । এক সূত্ৰই ডাঃ নাথে লখিমপুৰ জিলা পশুপালন বিষয়াৰ কাৰ্য্যালয়ত থকা বুলি জানিবলৈ দি শেহতীয়া ভাবে "চাইল্ড কেয়াৰ লিভ" ত গৈ পুনৰ লখিমপুৰ জিলা কাৰ্য্যালয়ত যোগদান কৰাৰ তথ্য জনালে ।
তাৎপৰ্যপূৰ্ণ দিশ হল এগৰাকী মূৰব্বী বিষয়াৰ বছৰ বছৰ জোৰা কৰ্মথলিত অনুপস্থিতিৰ পাছতো মুকবধিৰৰ ভাও জুৰি আছে ঢকুৱাখনা সমজিলা প্ৰশাসনে । ঘিলামৰাৰ কৃষিজীৱী পৰিয়াল সমূহৰ চৰকাৰী সেৱা প্ৰদানৰ বেলিকা চূড়ান্ত অমনোযোগী স্থিতি গ্ৰহণ কৰা প্ৰশাসনৰ কৃপাতে ক্ৰমাৎ অচলাবস্থাই গ্ৰাস কৰিছে ঘিলামৰা স্বাস্থ্য খণ্ডক ।
ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়েও এই ক্ষেত্ৰত কাল ঘুমটি মাৰিছে । নিজা সমষ্টিৰ ঘিলামৰা সদৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ বছৰ বছৰ ধৰি বিষয়া শূণ্য হৈ মৃত্যুৰ ক্ষণ গণা দেখি শুনি জানিও এই সন্দৰ্ভত গ্ৰহণ কৰিছে সোৰোপা নীতি । খণ্ডটোৰ ভুক্তভোগী হাজাৰ বিজাৰ পশুধনৰ প্ৰতি বেতনভোগী বিষয়াৰ এনে বেপৰোৱা স্থিতি সন্দৰ্ভত জিলা আয়ুক্ত প্ৰনবজিত কাকতিৰ হস্তক্ষেপ ঘিলামৰাবাসীৰ কাম্য । লগতে এইগৰাকী বেপৰোৱা চিকিৎসকক ঘিলামৰালৈ উভতাই পঠোৱাৰ বাবে ৰাজহুৱা দাবীও উত্থাপিত হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us