/asomiyapratidin/media/media_files/2025/01/24/4k0Zife9V3PlYDjFbfTc.jpg)
FMGE পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হাওৰাঘাটৰ সুস্মিতা দাস
ডিজিটেল সংবাদ, হাওৰাঘাটঃ সৰুকালৰে পৰা জীৱনত আগুৱাই যোৱাত অকৃত্ৰিম অলেখ সপোন, আশা আকাঙ্ক্ষা বোৰ বুকুত বান্ধি লৈ সু- প্ৰচেষ্টাৰে দেওবাৰে ঘোষিত National Board of Examinations in Medical sciences - 2024 ত হাওৰাঘাটৰ জীয়ৰী সুস্মিতা দাসে সফলতাৰে উত্তীৰ্ণ হৈ জিলাখনলৈ সুনাম কঢ়িয়াই আনে ।
সেউজ পাহাৰ কাৰ্বি আংলং জিলাৰ, হাওৰাঘাটৰ কন্যা সুস্মিতা দাস হৈছে - হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৃত্তিমূলক শাখাৰ শিক্ষক উত্তম কুমাৰ দাসৰ দ্বিতীয় কন্যা । প্ৰাথমিক শিক্ষা হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১২ চনত সমাপ্ত কৰি , হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২০১২-২০১৪ চনত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈ আকৌ উন্নত শিক্ষাৰ বাবে Oryol state university ,Oryol Russia ত MBBS আৰু Medicine specialist নাম ভৰ্তি কৰি ২০২১ চনত আকৌ সফলতা লাভ কৰি পৰৱৰ্তী সময়ত বিদেশী চিকিৎসা স্নাতক পৰীক্ষা বা চমুকৈ (FMGE, Foreign Medical Graduate Examination) বহিঃৰাজ্যত চিকিৎসা শিক্ষা সম্পূৰ্ণ কৰে ভাৰতীয় নাগৰিকৰ অনুজ্ঞাপত্ৰ পৰীক্ষা।
ইফালে এই FMGE ফলাফল ঘোষণা হোৱাৰ লগে - লগেই হাওৰাঘাটস্থিত সুস্মিতা দাসৰ বাস গৃহত দেখা যায় এক আনন্দ উল্লাসৰ পৰিৱেশ । পিতৃ উত্তম কুমাৰ দাসে গৌৰৱ অনুভব কৰি কয় যে এয়া ভগবানৰ আশীৰ্বাদ ও শিক্ষাগুৰু সকলে সহায় কৰা সহযোগীতাৰ আশীৰ্বাদৰ লগতে অঞ্চল বাসী ৰাইজে সহায় কৰা মৰম - চেনেহ আন্তৰিকতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কন্যা সুস্মিতা দাসে জীৱনত আৰু এখোজ আগুৱাই যাবলৈ আশীৰ্বাদ প্ৰদান কৰে । ইফালে মাতৃ শিখা দাসে দ্বিতীয় কন্যা সুস্মিতা দাসৰ এনে সফলতাৰ বাবে ভগৱান ইশ্বৰক ধন্যবাদ জ্ঞাপন কৰি সুখ অনুভৱ কৰে ।