সূৰ্য কুমাৰ যাদৱৰ বেয়া সময়! ১১খন খেলত মাত্ৰ ১০০ৰাণ...

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টি ২০ শৃংখলাৰ প্ৰথমখন খেল অহা ২৯ অক্টোবৰত অনুষ্ঠিত হব।কিন্তু তাৰ পুৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সুৰ্য কুমাৰ যাদৱৰ ওপৰত বহুতো প্ৰশ্ন উত্থাপিত হৈছে।বুধবাৰে অনুষ্ঠিত হব লগীয়া এই খেলখনৰ

author-image
Asomiya Pratidin
New Update
ujjjff

ডিজিটেল ডেস্কঃ  ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টি ২০ শৃংখলাৰ প্ৰথমখন খেল অহা ২৯ অক্টোবৰত অনুষ্ঠিত হব।কিন্তু তাৰ পুৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সুৰ্য কুমাৰ যাদৱৰ ওপৰত বহুতো প্ৰশ্ন উত্থাপিত হৈছে।বুধবাৰে অনুষ্ঠিত হব লগীয়া এই খেলখনৰ পূৰ্বে তেওঁ এখন সংবাদমেল সম্বোধন কৰিছে। উক্ত সংবাদমেলত তেওঁৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুৰ্বল প্ৰদৰ্শনীৰ ওপৰত প্ৰশ্ন কৰা হৈছে।এইবাৰ টি ২০ আন্তৰাষ্ট্ৰীয় মেছৰ ১১ ইনিংছত অধিনায়ক গৰাকীয়ে মাত্ৰ ১০০ ৰাণ সংগ্ৰহ কৰিছিল।যাৰ বাবে ১১ খন মেচত তেওঁৰ গড় হৈছে ৯.০৯।  ইয়াৰ পৰা তেওঁৰ দুৰ্বল বেটিংৰ প্ৰতিফলিত হৈছে।

 কেতিয়া চলিব সূৰ্য কুমাৰ যাদৱৰ বেট ?

সুৰ্য কুমাৰ যাদৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হব লগীয়া শৃংখলাপ পূৰ্বে নিজৰ প্ৰদৰ্শনীৰ বিষয়ে কৈছে যে, “মই বহুত পৰিশ্ৰম কৰি আছো, এনেকুৱা নহয় যে মই পূৰ্বে পৰিশ্ৰম কৰা নাছিলো।মই তেতিয়াও বহুত পৰিশ্ৰম কৰিছিলো।মই ভাৰততো ভাল অধিৱেশন খেলিছো আৰু অষ্ট্ৰেলিয়াতো কেইখনমান অধিৱেশনত বেটিং কৰিছো।যিটো গুৰুত্বপূৰ্ণ। সুৰ্য কুমাৰ যাদৱে আৰু কয় যে, ৰাণ অহাটো প্ৰয়োজনীয় কিন্ত তাৰ লগে লগে দলটোৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়াটোও প্ৰয়োজনীয়

সুৰ্য কুমাৰে যাদৱে আগলৈ কয় যে, বেলেগ বেলেগ পৰিস্হিতিত দলটোৱে কি বিচাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন খেল মই অন্য দৃষ্টিভংগীৰে চাম।যদি এনেকুৱা হয় তেন্তে সেয়া ভাল কথা হব।

সুৰ্য কুমাৰ যাদৱৰ টি ২০ কেৰিয়াৰ

সুৰ্য কুমাৰ যাদৱে এতিয়ালৈ ৩৩২খন টি ২০ মেচত ৮৬৯২ ৰাণ সংগ্ৰহ কৰিছে। যত ৬ টা শতক আৰু ৫৯ টা অৰ্ধশতক আছে। টি ২০ আন্তৰাষ্ট্ৰীয় মেচত ৯০ খন মেচত ৮৫ টা ইনিংছত অধিনায়ক গৰাকীয়ে ২৬৭০ ৰাণ সংগ্ৰহ কৰি গড়ে ৩৮.০৮ ৰাণ সংগ্ৰহ কৰিছে,যত ৪টা শতক আৰু ২১ টা অৰ্ধ শতক নিজৰ নামত কৰিছে।

অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত শেহতীয়াকৈ ভাৰতীয় দলে ইতিমধ্যে ২০২৫ত টি ২০ এছিয়া কাপত জয়লাভ কৰে। উক্ত খেলত খেলুৱৈ গৰাকীয়ে ৬ টা ইনিংছত মাত্ৰ ৭২ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।বৰ্তমান অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি ২০ শৃংখলাত অধিক ৰাণ সংগ্ৰহ কৰিব পাৰিব বুলি অনুৰাগীসকল আশাবাদী।

ভাৰত বনাম অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়া