ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ যোজনাৰ অধীনত ৯মাহতে দেশত ৬লক্ষাধিক লোকৰ ঘৰত সংস্থাপিত হৈছে ছলাৰ চিষ্টেম। শেহতীয়াকৈ প্ৰকাশিত এক তথ্য অনুসৰি, যোৱা ৯মাহত দেশত ৬.৩লাখ লোকৰ ঘৰত প্ৰধানমন্ত্ৰী সূয্য ঘৰ যোজনাৰ অধীনত সৌৰশক্তি ছিষ্টেম সংস্থাপিত কৰা হৈছে।
পি এম সূৰ্য্য ঘৰ যোজনা চলোৱাৰ উদ্দেশ্য হৈছে সৌৰ শক্তি স্থাপন কৰিলে পৰিৱেশ উপকৃত হয় বুলি মানুহক জনোৱা। ইয়াৰ বাবে লক্ষ্য হৈছে এক কোটি লোকক এই আঁচনিৰ সৈতে সংযোগ কৰা। বৰ্তমান সময়ত ভাৰত চৰকাৰৰ এই আঁচনিৰ সৈতে সংযুক্ত হৈ লোকসকলে সুবিধা গ্ৰহণ কৰি আছে।
যদি যোগ্য লোকে এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে তেওঁলোকে আঁচনিখনৰ অফিচিয়েল ৱেবছাইট https://www.pmsuryaghar.gov.in/ চাব লাগিব। ইয়ালৈ গৈ আপুনি প্ৰথমে নিজকে পঞ্জীয়ন কৰিব লাগিব তাৰ পিছত আপুনি আবেদন কৰিব পাৰিব।
প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ যোজনাত যোগদান কৰা লোকসকলৰ ঘৰত ছ’লাৰ পেনেল স্থাপন কৰা হয়। ইয়াত প্ৰথমে আপোনাৰ ঘৰত সৌৰ পেনেল স্থাপন কৰিব লাগিব, তাৰ পিছত চৰকাৰে ৰাজসাহায্য দিয়ে। ইয়াৰ উপৰিও ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈও উপলব্ধ হব।