ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীৰ সমীক্ষাক ওফৰাই জ’ৰ্ণা মিৰ’ৰ দাবী : মহাজোঁট আহি আছে বিহাৰত

এইবাৰ বিহাৰত বিৰোধী দল শাসনলৈ আহিলেও আচৰিত হ’ব লগা নাই। ইতিমধ্যে দেশৰে ভালেকেইটা সংবাদ গোষ্ঠীয়ে নিৰ্বাচনৰ ৰেহ-ৰূপ চাই পূৰ্বানুমান কৰি এগজিট প’ল ৰাজহুৱা কৰিছে। নিউজ ১৮, এন ডি টি ভি, মেৰ্ট্ৰিজ, দৈনিক ভাস্কৰকে ধৰি বহুকেইটা সংবাদ প্ৰতিষ্ঠানে নিৰ্বাচন অন্ত পৰাৰ পাছতে এগজিট প’ল ৰাজহুৱা কৰিছিল।

author-image
Asomiya Pratidin
New Update
Bihar Web

ডিজিটেল ডেস্ক : দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব অন্ত পৰাৰ পাছতে বিভিন্ন সংস্থাই ইতিমধ্যে এগজিট প’লৰ জৰিয়তে সাম্ভাৱ্য ফলাফল ৰাজহুৱা কৰিছে। ৬ আৰু ১১ নৱেম্বৰত দুই পৰ্যায়ত বিহাৰত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। 

বিগত নিৰ্বাচনসমূহতকৈ বিহাৰৰ এইবাৰৰ নিৰ্বাচন আছিল বিশেষ। কিয়নো এইবাৰ বিহাৰৰ অভিলেখ সংখ্যক ভোটাৰে দুয়োটা পৰ্যায়তে ভোটাধিকাৰ সাৱ্যস্ত কৰা পৰিলক্ষিত হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথম পৰ্যায়ত ৬৫.০৮ শতাংশ ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰিছিল। 

দ্বিতীয় পৰ্যায়ত তদ্ৰুপ ধৰণে ৬৮. ৮৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰি অভিলেখ স্থাপন কৰিছিল ৰাজ্যখনত। ৰাজনৈতিক দৃষ্টিকোণেৰে লক্ষ্য কৰিলে দেখা যায় যে, কোনো এটা নিৰ্বাচনত যদি ভোটাৰ সংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে আৰু ইয়াৰে অধিক সংখ্যক যুৱ ভোটাৰ। সেই সমীকৰণত বিহাৰৰ নিৰ্বাচনত শেষ হাঁহি মৰাৰ সুযোগ পাব পাৰে বিৰোধী মহাজোঁটে। 

এই দৃষ্টিৰে এইবাৰ বিহাৰত বিৰোধী দল শাসনলৈ আহিলেও আচৰিত হ’ব লগা নাই। ইতিমধ্যে দেশৰে ভালেকেইটা সংবাদ গোষ্ঠীয়ে নিৰ্বাচনৰ ৰেহ-ৰূপ চাই পূৰ্বানুমান কৰি এগজিট প’ল ৰাজহুৱা কৰিছে। নিউজ ১৮, এন ডি টি ভি, মেৰ্ট্ৰিজ, দৈনিক ভাস্কৰকে ধৰি বহুকেইটা সংবাদ প্ৰতিষ্ঠানে নিৰ্বাচন অন্ত পৰাৰ পাছতে এগজিট প’ল ৰাজহুৱা কৰিছিল।

সংবাদ গোষ্ঠীকেইটাৰ অধিকাংশ সমীক্ষাতে এন ডি এ অধিক আসন লাভ কৰি শাসনলৈ আহিব বুলি ধাৰণা কৰিছে যদিও একে সময়তে বিৰোধী দলে তথা মহাঁজোট বন্ধনেও গৰিষ্ঠসংখ্যক আসন লাভ কৰি শাসনলৈ অহাৰ কথা দুই- এটা সংবাদ গোষ্ঠীয়ে উল্লেখ কৰিছে। 


উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী কেইটাই প্ৰকাশ কৰা এগজিট প’লৰ বিপৰীতে জ’ৰ্না মিৰ’ৰে সূক্ষ্ম দৃষ্টিকোণেৰে ৰাজহুৱা কৰিছে বিহাৰ নিৰ্বাচনৰ এগজিট প’ল। 

জ’ৰ্না মিৰ’ৰ সমীক্ষা অনুসৰি এইবাৰ বিহাৰত মহাগোট বন্ধনে ১৩০ ৰ পৰা ১৪০ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। একেদৰে এন ডি এ দলে ১০০ৰ পৰা ১১০খন আসন লাভ কৰিব পাৰে বুলি ভৱিষ্যতবাণী কৰিছে। তাৰোপৰি অন্যান্য দলে ০ৰ পৰা ০৩খনহে আসন লাভ কৰিব পাৰে বুলি ধাৰণা কৰিছে। 

গুৰুত্বপূৰ্ণ কথা এই যে, ইতিমধ্যে বহুকেইটা নিৰ্বাচনত এগজিট প’লৰ সমীক্ষা বুমেৰাঙত পৰিণত হৈছে। গতিকে এন ডি এৰ সপক্ষত কৰা ধাৰণাই এইবাৰ ওলোটা খৰ মাৰোতেও বেছি সময় নালাগে। 

বিৰোধী দল তথা মহাজোঁট বন্ধনে শাসকীয় দলক ওফৰাই বিহাৰৰ মছনদ গঠন কৰোতো একো ডাঙৰ কথা নহয়। হয়তো এনেকুৱা হ’ব পাৰে নিতীশ কুমাৰক ওফৰাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা লালু তনয় তেজস্বী যাদৱো হ’ব পাৰে বিহাৰৰ মুখ্যমন্ত্ৰী...।

বিহাৰ