গোৰ্খাসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া আলোচকৰ প্ৰয়োজন নাই : মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ১৮ অক্টোবৰ ২০২৫ শনিবাৰে এক বিশেষ পত্ৰ লিখিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এই পত্ৰ তেওঁ কেন্দ্ৰীয় চৰকাৰে গোৰ্খাসকলৰ বাবে একপক্ষীয় আলোচক নিযুক্তি দিয়া বিষয় সম্পৰ্কে লিখিছে। 

author-image
Asomiya Pratidin
New Update
13

ডিজিটেল ডেস্ক : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ১৮ অক্টোবৰ ২০২৫ শনিবাৰে এক বিশেষ পত্ৰ লিখিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এই পত্ৰ তেওঁ কেন্দ্ৰীয় চৰকাৰে গোৰ্খাসকলৰ বাবে একপক্ষীয় আলোচক নিযুক্তি দিয়া বিষয় সম্পৰ্কে লিখিছে। 

উল্লেখযোগ্য যে, দাৰ্জিলিং, তেৰাই আৰু দুৰাছ অঞ্চলৰ গোৰ্খাসলকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে একপক্ষীয় আলোচক নিযুক্তি দিছিল। সেই অনুসৰি ১৬ অক্টোবৰ ২০২৫ত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া পংকজ কুমাৰ সিঙক আলোচক হিচাপে নিযুক্তি দিছিল। 

যাতে দাৰ্জিলিঙৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে তেওঁ আলোচনা কৰি তেওঁলোকৰ দাবীসমূহৰ বিষয়ে অৱগত হয়। কিন্তু মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত আচৰিত হোৱাৰ লগতে স্তম্ভিত হোৱা বুলি বিশেষ পত্ৰখনত উল্লেখ কৰে।

দাৰ্জিলিঙৰ ৰাজনৈতিক দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যক আদৰণি জনাই যদিও বেনাৰ্জীয়ে পশ্চিম বংগ চৰকাৰৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ এই নিযুক্তি দিয়া হৈছে বুলি পত্ৰত উল্লেখ কৰে। গোৰ্খাসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া আলোচকৰ প্ৰয়োজন নাই বুলিও তেওঁ কয়। লগতে ইয়াক প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

narendra modi Mamata Banarjee