সমাজকৰ্মী, লেখক সুৰেশ কলিতাৰ দেহাবসানঃ অঞ্চলজুৰি শোকৰ ছাঁ

পলাশবাৰী সমষ্টিৰ ধোপগুৰি নিৱাসী সুৰেশ কলিতা (৬৭)ৰ সোমবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।

author-image
Asomiya Pratidin
New Update
GDRTEREWRE

ডিজিটেল সংবাদ, মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ ধোপগুৰি নিৱাসী তথা কাউন্সিল বিভাগৰ মুৰব্বী (চি এইচ ডি), কোকৰাঝাৰৰ সংগ্ৰহালয় আৰু পুৰাতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক সুৰেশ কলিতা (৬৭)ৰ সোমবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। যোৱা ৩১ ডিচেম্বৰত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ তেওঁ চিকিৎসাধীন আছিল।

জানিব পৰা মতে, সুৰেশ কলিতাই বিগত ৩১ ডিচেম্বৰত নিজৰ স্কুটিৰে বৰিহাটৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত উদণ্ড বাইক চালকে খুন্দিওৱাৰ ফলত পথৰ মাজতে বাগৰি পৰে। দুৰ্ঘটনাৰ পিছতে তেওঁক সংকটজনক অৱস্থাত বিজয়নগৰৰ লাইভ চেভ হাস্পতালত ভৰ্তি কৰা হয়। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক জি এন আৰ চি হাস্পতাললৈ স্থানান্তৰ কৰা হয় যদিও অৱশেষত সোমবাৰে সন্ধিয়া তেওঁ মৃত্যুক আঁকোৱালি লয়।

উল্লেখযোগ্য যে, সুৰেশ কলিতা একেধাৰে পি এম শ্ৰী আঞ্চলিক হাইস্কুল, ফুলগুৰিৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি, ধোপগুৰি ৰাইজ গয়ৰহৰ সভাপতি, ৰাইনো ক্লাৱৰ বিষয়ববীয়া, ত্ৰিধাৰা আঞ্চলিক কলা সংঘৰ বিষয়ববীয়াসহ অঞ্চলটোৰ বিভিন্ন সামাজিক, সাহিত্যিক আৰু সাংস্কৃতিক সংগঠনৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ এগৰাকী সমাজকৰ্মী, লেখক আৰু সমাজ সচেতন ব্যক্তি হিচাপেও পৰিচিত আছিল।

মঙলবাৰে বিয়লিৰ ভাগত তেওঁৰ নশ্বৰ দেহ বৰিহাটলৈ অনাৰ পিছত ত্ৰিধাৰা আঞ্চলিক কলা সংঘত প্ৰথমে সংগঠনৰ কৰ্মকৰ্তাসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰৱৰ্তী সময়ত পি এম শ্ৰী আঞ্চলিক হাইস্কুল, ফুলগুৰিলৈ নি তাতো শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শেষত ধোপগুৰিস্থিত তেওঁৰ বাসগৃহত অঞ্চলটোৰ ৰাইজৰ লগতে মাহিলী বৈঠকী বৰিহাট, নৱাৰুণ সাহিত্য সভা, ৰাইনো ক্লাৱ, আমৰাঙ্গা-বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ আহ্বায়কমণ্ডলী আদি বিভিন্ন দল-সংগঠনৰ লোকে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

সুৰেশ কলিতাই মৃত্যুৰ সময়ত পত্নী, একমাত্ৰ পুত্ৰসহ বহু আত্মীয়-স্বজনক এৰি থৈ যায়। তেওঁৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।

পলাশবাৰী