/asomiyapratidin/media/media_files/2026/02/09/79-2026-02-09-11-42-37.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : অসম চৰকাৰৰ সংগ্ৰহালয় আৰু পুৰাতত্ত্ব বিভাগৰ কাউঞ্চিল হেডৰূপে অৱসৰ গ্ৰহণ কৰা সুৰেশ চন্দ্ৰ কলিতাই যোৱা ২৬ জানুৱাৰীত অকাল মৃত্যুক সাৱটি লয়। এক দুৰ্ঘটনাতপতিত হৈ তেওঁ চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়।
এই উপলক্ষে দেওবাৰে এক যথাৰীতি অনুসাৰে আয়োজিত আদ্যশ্ৰাদ্ধত তেওঁৰ জীৱন-কৰ্মৰ মূল্যায়নেৰে 'কল্যাণ-খৰমান' নামেৰে এখনি স্মৰণিকা প্ৰকাশ কৰি উলিওৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ধনমণি দাস সম্পাদিত এই গ্ৰন্থখন এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰে বিশিষ্ট ব্যক্তি সুনীল কুমাৰ গোস্বামীয়ে।
তেওঁ কলিতাৰ সামাজিক,শৈক্ষিক চাকৰি জীৱনৰ কথাৰে কিছু কথা দাঙি ধৰে। এই অনুষ্ঠানটোত ক্ৰমে কোকৰাঝাৰ জিলাৰ অৱসৰপ্ৰাপ্ত ডিটিঅ' কমল দাস, ভূমি সংৰক্ষণ বিষয়া,কোকৰাঝাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰাজেন তাছা, মহকুমা পশু স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ডাঃ ধ্ৰুৱজ্যোতি চৌধুৰী, পিএমশ্ৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভাস্কৰজ্যোতি দাসে কলিতাৰ জীৱন দৰ্শনৰ বিষয়ত ভাষণ প্ৰদান কৰি সমাজৰ কামত অহা এজন ব্যক্তিক আমি হেৰুৱালো বুলি দুখ প্ৰকাশ কৰে।
এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক ৰমেশ কলিতা,অনন্ত কলিতা আৰু কৰ্ণেল কলিতাকে ধৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে। লগতে পত্নী যুতীকা কলিতা,পুত্ৰ হিমাংশু শেখৰ কলিতাই তেওঁলৈ পুনৰ শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানটোৰ আঁত ধৰে শুক্লেশ্বৰ দাসে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us