Advertisment

কোৰোনাৰ কৰুনা নাইঃ ১৪দিনীয়া নৱজাতকৰ কাঢ়িলে প্ৰাণ…

কোৰোনাৰ কৰুনা নাইঃ ১৪দিনীয়া নৱজাতকৰ কাঢ়িলে প্ৰাণ…

author-image
asomiyapratidin
New Update
কোৰোনাৰ কৰুনা নাইঃ ১৪দিনীয়া নৱজাতকৰ কাঢ়িলে প্ৰাণ…

ডিজিটেল ডেস্কঃ কোৰোনা কিমান ভয়াৱহ হৈ উঠিছে মহাৰাষ্ট্ৰৰ পৰিস্থিতিৰ ফালে চালেই সহজে বুজি পাব সকলোৱে। শেহতীয়াকৈ ৰাজ্যখনৰ হাস্পতালত বিচনাৰ সংখ্যাও হ্ৰাস পাইছে। একেখন বিচনাতে দুজনকৈ ৰোগীৰ চিকিতসা কৰি আছ ৰাজ্যখনত।

Advertisment

ইফালে মহাৰাষ্ট্ৰৰ উপৰিও গুজৰাটৰ অৱস্থাও বৰ ভাল নহয়। প্ৰতিদিনাই ৰাজ্যখনত সহস্ৰাধিক ৰোগী আক্ৰান্ত হোৱাৰ উপৰিও শেহতীয়াকৈ অতি শোকজনক এক ঘটনা সংঘটিত হৈছে। গুজৰাটৰ চুৰাটত কোৰোনাত আক্ৰান্ত হৈ এটি ১৪দিনীয়া নৱজাতকৰ মৃত্যু হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, যোৱা ২৪ঘন্টাত গুজৰাটৰ চুৰাটত কোৰোনাত আক্ৰান্ত হৈ ৩গৰাকী শিশুৰ মৃত্যু হৈছে। উল্লেখ্য যে, বিগত ৩০টা দিনত ২৮৬গৰাকী ৰোগীৰ মৃত্যু হৈছে গুজৰাটত।