Advertisment

হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতেই অসমত চলি আছে কয়লা ছিণ্ডিকেটঃ সুপ্ৰিয়া শ্ৰীনেট

অসমত এনে এটা বিষয়ক লৈ মিছা কথা কৈ থকা হৈছে ৷ সেয়া হৈছে বাজেট ৷ যোৱাবাৰৰ বাজেটত নিৰ্ধাৰিত টকা খৰচ কৰিব পৰা নাই ৷ জনজাতিৰ বাজেট কৰ্তন কৰা হৈছে- সুপ্ৰিয়া শ্ৰীনেট

author-image
Asomiya Pratidin
New Update
নৱনৱনৱ

ডিজিটেল সংবাদ, গুৱাহাটীঃ নিখিল ভাৰত কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা ৰাষ্ট্ৰীয় জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে আজি গুৱাহাটীত এখন সংবাদমেলত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতে এজন ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে।

Advertisment

অবৈধ কয়লা ছিণ্ডিকেটৰ লগত মুখ্যমন্ত্ৰী আৰু তেওঁৰ ৰাজন্যবৰ্গ জড়িত বুলি অভিযোগ কৰি শ্ৰীনেটে কয় যে উচ্চতম ন্যায়ালয় আৰু দেশৰ সেউজ ন্যায়াধীকৰণে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো অসমত ৰেট হোল মাইনিঙেৰে কয়লা ছিণ্ডিকেট চলোৱাৰ পৃষ্ঠপোষকতা কৰিছিল মুখ্যমন্ত্ৰীয়ে। তেওঁ ৰেট হোল মাইনিং চলা নাই বুলি এবাৰ কৈ ২৪ ঘণ্টাৰ ভিতৰতে অবৈধ মাইনিং বন্ধ কৰা হ’ব বুলি দুমুখীয়া স্থিতি প্ৰকট কৰা বুলিও তেওঁ অভিযোগ কৰে।

সংবাদমেলত শ্ৰীনেটে অসমত সকলো ঠিকেই নাই বুলি অভিযোগ কৰে৷ তেওঁ কয়, ''অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ডাঙৰ কথা কয়৷ অহংকাৰত গদগদ হৈ থাকে৷ বাহিৰলৈ গৈ কংগ্ৰেছক গালি পাৰি বিজেপিক জয়ী কৰাবলৈ দম্ভ মাৰে৷ কিন্তু বিজেপিক জয়ী কৰিব নোৱাৰে৷ অসমলৈ আহি মুখ্যমন্ত্ৰীয়ে মিছা কথা কয়৷’’

অসমত কয়লাৰ খনন চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি খননক লৈ মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰশাসন, আৰক্ষীয়ে লজ্জাজনক স্থিতি গ্ৰহণ কৰিছে বুলি কয় শ্ৰীনেটে৷ তেওঁ কয়, ''উমৰাংছুৰ ১০ শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছত অসমত এনে অবৈধ কাম নহয় বুলি উল্লেখ কৰা হৈছিল৷ আকৌ ২৪ ঘণ্টাৰ পিছত অবৈধ খনন বন্ধ কৰিবলৈ কোৱা হয়৷ এয়া পৰস্পৰ বিৰোধী কথা৷ সকলোৱে জানে যে উমৰাংছুৰ পৰা প্ৰায় ৫ হাজাৰ শ্ৰমিক ঘৰা-ঘৰি গৈছে ৷

গোৱালপাৰা, ধুবুৰী, মৰিগাঁও, বৰপেটালৈ উভতি যোৱা শ্ৰমিকসকল ক’ৰ পৰা আহিল? নেচনেল গ্ৰীণ ট্ৰিবিউনেল, উচ্চতম ন্যায়ালয়ে তেনে খনন সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে ৷ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ব্যৱস্থা লৈছে৷ আজিও অসমত কয়লা খনন কৰি থকা হৈছে ৷ এনে খনন প্ৰাকৃতিক পৰিৱেশ, ৰাজহ আৰু অসমৰ জনগণৰ বাবে বিপজ্জনক ৷

চৰকাৰে অবৈধ খনন চলি থকাৰ কথা স্বীকাৰ কৰি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লওক, আৰু যাতে কেতিয়াও অবৈধ খনন কৰা নহয় তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক৷ যাতে সাধাৰণ লোকৰ আৰু প্ৰাণ হানি নহয়৷’’ বাজেটক লৈয়ো হিমন্ত চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় শ্ৰীনেটে। তেওঁ কয়, ''অসমত এনে এটা বিষয়ক লৈ মিছা কথা কৈ থকা হৈছে৷ সেয়া হৈছে বাজেট ৷

যোৱাবাৰৰ বাজেটত নিৰ্ধাৰিত টকা খৰচ কৰিব পৰা নাই৷ জনজাতিৰ বাজেট কৰ্তন কৰা হৈছে৷ অসমৰ বন্যপ্ৰাণী, অসমৰ চিৰিয়াখানাৰ পৰা বন্যপ্ৰাণী লৈ গৈ থকা হৈছে ৷ বিদ্যুতৰ মাচুলৰ বোজা দি আৰ্থিক ব্যৱস্থা ধ্বংস কৰা হৈছে৷ অবৈধ খননৰে পাৰিপাৰ্শ্বিকতা ধ্বংস কৰা হৈছে ৷ স্মাৰ্ট মিটাৰ লগাই জনসাধৰণৰক বিদ্যুতৰ মাচুল বৃদ্ধি কৰি বোজা জাপি দিয়া হৈছে৷ এনে বিষয়বোৰৰ বিৰুদ্ধে ৰাইজে আন্দোলন কৰিলে আৰক্ষীয়ে বৰ্বৰতাৰে আন্দোলন দমন কৰে৷ 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দলত প্ৰভাৱ কমি অহা বুলি দাবী কৰি শ্ৰীনেটে কয় যে ঝাৰখণ্ডত প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে মুখেথেকেচা খাইছে ৷ ঝাৰখণ্ডত পৰাজিত হোৱাত দলত প্ৰভাৱ কমি আহিছে ৷ আজি এইগৰাকী মুখ্যমন্ত্ৰীৰ কথা দেশৰ যিকোনো এটা প্ৰান্তত মানুহক প্ৰশ্ন কৰিলে সৰু ল’ৰা এটায়ো ক’ব যে সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীয়েই হৈছে হিমন্ত বিশ্ব শৰ্মা ৷

পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত সুন্দৰকৈ ৰাইজে প্ৰত্যুত্তৰ দিব বুলিও তেওঁ কয় ৷ আজিৰ সংবাদমেলত কুম্ভমেলাত পদপিষ্ট হৈ নিহত লোকসকলৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰি আশু-আৰোগ্য কামনা কৰে শ্ৰীনেটে৷ তেওঁ কয়, ''উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে সাধাৰণ ভক্ত আৰু ভিআইপি ভক্তৰ মাজত বিভাজন কৰা বাবে এইধৰণৰ অঘটন ঘটিছে।’’

উল্লেখ্য যে, পুৱা গুৱাহাটীত উপস্থিত হৈ শ্ৰীনেটে শক্তিপীঠ কামাখ্যা পৰিদৰ্শন কৰি আশীষ লয় ৷ ইয়াৰ পিছতে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া বিভাগৰ কেবাশ প্ৰতিনিধিৰ লগত এক আলোচনাত মিলিত হয়। ছ’চিয়েল মিডিয়াত কংগ্ৰেছক অধিক শক্তিশালী কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰসমূহ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ কৌশলসমূহ অৱগত কৰে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

শ্ৰীনেটে কয়, ''আমি মহাত্মা গান্ধীৰ নীতি-আদৰ্শৰে চলা কংগ্ৰেছী। দেশ স্বাধীন কৰা কংগ্ৰেছী। আমি জৱহাৰলাল নেহৰুৰ দৰে দেশ নিৰ্মাতা কংগ্ৰেছী। লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ দৰে নেতাৰ নেতৃত্বত গঢ় লোৱা ১৪০ বছৰীয়া কংগ্ৰেছ দলৰ কৰ্মী।’’ মৌলানা আবুল কালাম আজাদকো তেওঁ শ্ৰদ্ধাসহকাৰে স্মৰণ কৰে।

ইফালে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই সামাজিক মাধ্যম বিভাগৰ কংগ্ৰেছৰ প্ৰতিনিধিসকলক সম্বোধন কৰি অসম চৰকাৰৰ অনিয়ম, অনীতি আৰু গণতন্ত্ৰৰ প্ৰতি অনা ভাবুকিক মোকাবিলা কৰিবলৈ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়াৰ কৰ্মীসকলে কেনেদৰে কাম কৰিব লাগিব সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়।

ছ’চিয়েল মিডিয়া বিভাগৰ জৰিয়তে কংগ্ৰেছক শক্তিশালী কৰা কৰ্মীসকলক প্ৰতিমাহে ১ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও তেওঁ ঘোষণা কৰে। বিয়লিৰ ভাগলৈ শ্ৰীনেটে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, বিষয়ববীয়া আৰু মুখপাত্ৰসকলৰ লগত মত বিনিয়ম কৰে। এই অনুষ্ঠানত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সামাজিক মাধ্যম বিভাগৰ সমন্বয়ক সায়ন্তনী ৰয় আৰু ৰুচিৰা চতুৰ্বেদীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ উপস্থিত থাকে।

আজিৰ সভাত অংশ লয়, কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা, কংগ্ৰেছৰ জ্যেষ্ঠ উপ-সভাপতি নৃপেন ঠাকুৰীয়া, ৰূপা দেউৰী, বালিকা লাহন পেগু, সাধাৰণ সম্পাদক শৈলেন সোণোৱাল, ৰাজেশ যোশী, বিপুল গগৈকে প্ৰমুখ্যে কৰি বহুকেইজন নেতা-কৰ্মী উপস্থিত থাকে। 

সুপ্ৰিয়া শ্ৰীনেট