ধৰ্মীয় পেৰেডত অংশ ল'বলৈ অস্বীকাৰ খ্ৰীষ্টান সেনা বিষয়াৰ...

এই অস্বীকাৰৰ ফলত সেনাৰ কৰ্তৃপক্ষই তেওঁক 'সেনা বাহিনীৰ উচ্চ শৃংখলা উলংঘা' আৰু 'ৰেজিমেণ্টৰ একতা ভংগ' কৰাৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ৰেজিমেণ্টৰ সাপ্তাহিক ধৰ্মীয় পেৰেডত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ পৰা বৰ্খাস্ত কৰাক প্ৰত্যাহ্বান জনাই চেমুৱেল কমলেছন নামৰ খ্ৰীষ্টান বিষয়াই দাখিল কৰা আবেদন আজি উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে।

ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, সেনা ৰেজিমেণ্টৰ এগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী বিষয়াই তেওঁৰ ৰেজিমেণ্টত অনুষ্ঠিত হোৱা পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি আৰু পূজা-অৰ্চনাত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁৰ যুক্তি আছিল যে, তেওঁৰ ধৰ্মীয় বিশ্বাসে তেওঁক আন কোনো ধৰ্মৰ আচাৰ-অনুষ্ঠানত অংশ ল'বলৈ অনুমতি নিদিয়ে।

এই অস্বীকাৰৰ ফলত সেনাৰ কৰ্তৃপক্ষই তেওঁক 'সেনা বাহিনীৰ উচ্চ শৃংখলা উলংঘা' আৰু 'ৰেজিমেণ্টৰ একতা ভংগ' কৰাৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰে। ইয়াৰ পিছত বিষয়াজনে বৰ্খাস্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল।

বিচাৰপতিৰ এখন খণ্ডপীঠে এই গোচৰটো পৰ্যালোচনা কৰে আৰু সেনাবাহিনীৰ বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন কৰে। আদালতে নিজৰ ৰায়ত কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আদালতে কয় যে, ভাৰতীয় সেনা এক বিশেষ আৰু উচ্চ শৃংখলাবদ্ধ প্ৰতিষ্ঠান, য'ত ৰেজিমেণ্টৰ একতা আৰু সহোদৰতা  অপৰিহাৰ্য।

তাৰোপৰি ৰেজিমেণ্টসমূহত থকা এই ধৰ্মীয় আচাৰ-অনুষ্ঠানসমূহ কেৱল ধৰ্মীয় নহয়, বৰঞ্চ সৈনিকসকলৰ মাজত'ৰেজিমেণ্টল স্পিৰিট' আৰু এটা একক সত্তাৰ অনুভৱ গঢ়ি তোলাৰ বাবেও গুৰুত্বপূৰ্ণ। 

আদালতে স্পষ্ট কৰে যে, যদিও ভাৰতীয় সংবিধানৰ অধীনত ধৰ্মীয় স্বাধীনতা এক মৌলিক অধিকাৰ, কিন্তু সেনাত কৰ্তব্য পালন কৰাৰ সময়ত সামূহিক স্বাৰ্থ আৰু শৃংখলাক উচ্চ প্ৰাধান্য দিয়া হয়। ব্যক্তিগত ধৰ্মীয় বিশ্বাসৰ বাবে এক সামূহিক আচাৰ-অনুষ্ঠানত অংশ লোৱাৰ পৰা আঁতৰি থকাটো শৃংখলাৰ বিৰোধী হ'ব পাৰে।

উচ্চতম ন্যায়ালয়