পদপথৰ কুকুৰৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়...

দিল্লী NCRত শিশু, মহিলা আৰু বৃদ্ধসকলৰ ওপৰত একাধিকবাৰ হোৱা পদপথৰ কুকুৰৰ আক্রমণৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে সোমবাৰে এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে।

author-image
Asomiya Pratidin
New Update
পদপথৰ কুকুৰৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়...

ডিজিটেল ডেস্কঃ দিল্লী NCRত শিশু, মহিলা আৰু বৃদ্ধসকলৰ ওপৰত একাধিকবাৰ হোৱা পদপথৰ কুকুৰৰ আক্রমণৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে সোমবাৰে এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে। ন্যায়াধীশ জে.বি. পাৰদিৱালা আৰু ন্যায়াধীশ আৰ. মহাদেৱনৰ যুটীয়া বিচাৰপীঠে এই সন্দৰ্ভত স্পষ্টকৈ কয়, “আমাৰ পথসমূহক সম্পূৰ্ণৰূপে পথৰ কুকুৰপৰা মুক্ত কৰি ৰাখিব লাগিব। এইটোৱেই প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব লাগিব।”

ন্যায়ালয়ে NCR, MCD আৰু NDMCক তৎক্ষণাৎ সকলো অঞ্চলৰ পথপথৰ গৰাকীবিহীন কুকুৰবোৰক শেল্টাৰ হোমলৈ লৈ যোৱাৰ নিৰ্দেশ দিছে। বিশেষকৈ ঘন জনবসতিপূৰ্ণ আৰু সংবেদনশীল অঞ্চলসমূহত এই কাৰ্যক অধিক অগ্ৰাধিকাৰ দিব লাগিব। প্ৰয়োজন হ’লে ন্যায়ালয়ে নিৰ্দেশ দিছে।

ন্যায়ালয়ে সাৱধান কৰি আৰু কয় যিকোনো ব্যক্তি বা সংস্থাই এই কাৰ্যৰ বিৰোধিতা কৰিলে তেওঁলোকৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ চলিব। উচ্চতম ন্যায়ালয়ে বৰ্তমানৰ Animal Birth Control (ABC) নিয়ম, য’ত কুকুৰক বন্ধ্যাকৰণৰ পিছত পুনৰ সেই অঞ্চলতেই এৰি দিয়াৰ ব্যৱস্থাক বিবেকহীন আখ্যা দিছে। ন্যায়ালয়ৰ মতে এই ব্যৱস্থাই সমস্যাৰ সমাধান নকৰে, পূৰ্বৰ দৰেই বিপদ অব্যাহত থাকে।

তাৰোপৰি ন্যায়ালয়ে MCD, NDMC, দিল্লী চৰকাৰ আৰু নতুনদিল্লীৰ সৈতে ন’ইডা, গাজীয়াবাদ, গুৰগাঁও প্ৰাধিকাৰক ৮ সপ্তাহৰ ভিতৰত ‘ডগ শেল্টাৰ’ নিৰ্মাণ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। প্ৰথম পৰ্যায়ত ৫,০০০ কুকুৰৰ বাবে এনে ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে।

নতুনকৈ নিৰ্মাণ কৰিবলগীয়া শেল্টাৰসমূহত পেচাদাৰী কৰ্মচাৰী, বন্ধ্যাকৰণ, টিকাকৰণৰ সুবিধা, চিচিটিভি নিৰীক্ষণ আদিৰ কঠোৰ ব্যৱস্থাৰো নিৰ্দেশ দিছে। 

গোচৰটোৰ শুনানিৰ সময়ত ন্যায়াধীশ পাৰদিৱালায় কয় “এই পদক্ষেপ আমি আমাৰ বাবে নহয়, জনসাধাৰণৰ সুৰক্ষাৰ বাবে লৈছোঁ। শিশু, মহিলা আৰু বৃদ্ধসকলক জলাতংকৰ ভয়ৰ পৰা মুক্ত ৰাখিব লাগিব।” ন্যায়ালয়ে কুকুৰৰ আক্রমণৰ দৰে ঘটনাৰ বিষয়ে অৱগত কৰিবলৈ বিশেষ হেল্পলাইন আৰম্ভ কৰিবলৈও নিৰ্দেশ দিছে।

দিল্লী কুকুৰ উচ্চতম ন্যায়ালয়