"বন্ধ্যাকৰণে একমাত্ৰ উপায়", উচ্চতম ন্য়ায়ালয়ৰ সিদ্ধান্তত সুখী পশুপ্ৰেমী...

উচ্চতম ন্যায়ালয়ে আজি ১১ আগষ্টৰ নিৰ্দেশ সংশোধন কৰি উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰে। লগতে বিচাৰপীঠে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃউচ্চতম ন্যায়ালয়ে শুকুৰবাৰে গৰাকীবিহীন কুকুৰ সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা সকলো কুকুৰক মুকলি কৰি দিয়া হ'ব। বন্ধ্যাকৰণ আৰু টিকাকৰণৰ পিছত কুকুৰ সমূহ এৰি দিয়াৰ নিৰ্দেশ দিছে আদালতে।

Advertisment

কেৱল অসুস্থ আৰু আক্ৰমণাত্মক কুকুৰক আশ্ৰয় গৃহত ৰখা হ'ব। উচ্চতম ন্যায়ালয়ে আজি ১১ আগষ্টৰ নিৰ্দেশ সংশোধন কৰি উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰে। লগতে বিচাৰপীঠে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰে।

লক্ষ্যণীয় যে, ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে এই ৰায় দিয়ে। তেওঁলোক শুনানিত উল্লেখ কৰে যে, ৰাজহুৱা স্থানত কুকুৰক খাদ্য দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হ’ব। তেওঁলোকক খাদ্য যোগানৰ বাবে প্ৰতিটো ব্লকত পৃথক পৃথক স্থান মুকলি কৰি দিয়া হ'ব, যাতে নিৰ্দিষ্ট স্থানতহে কুকুৰক খাদ্য দিয়া হয়।

উল্লেখযোগ্য যে, ন্যায়ালয়ৰ সিদ্ধান্ত অমান্য কৰি যিকোনো স্থানত কুকুৰক খাদ্য যোগান ধৰা সকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আদালতে জানিবলৈ দিয়ে। তাৰোপৰি জলাতংক ৰোগত আক্ৰান্ত বা আক্ৰমণাত্মক কুকুৰৰ বাহিৰে বীজাণুমুক্ত পদপথৰ কুকুৰক টিকাকৰণ কৰি একেটা অঞ্চলতে এৰি দিয়া হ’ব ৷ লগতে এই নিয়ম প্ৰতিখন ৰাজ্যতে প্ৰযোজ্য হ'ব।

কুকুৰ কুকুৰ পালন