/asomiyapratidin/media/media_files/2025/11/19/268-2025-11-19-12-32-22.jpg)
ডিজিটেল ডেস্ক : হিমাচল প্ৰদেশ পাৱাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ বিষয়া বিমল নেগীৰ মৃত্যুৰ ঘটনা তদন্ত কৰি থকা চি বি আইৰ দলটোক লৈ প্ৰশ্ন তুলিছে উচ্চতম ন্যায়ালয়ে। ঘটনাৰ ৰহস্য উদঘাটৰ বাবে দায়িত্ব দিয়া চিবিআইৰ শেহতীয়া কাম- কাজক লৈ অসন্তুষ্ট উচ্চতম ন্যায়ালয়।
উক্ত ঘটনাৰ দায়িত্বত থকা চিবিআইৰ দলটোৰ একাংশ বিষয়াক ‘ভুৱা বিষয়া’ বুলি সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে, ন্যায়াধীশ আহছানুদ্দিন অমানুল্লাহ আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰে গঠিত বিচাৰপীঠে চিবিআইৰ তদন্তকলৈ অসন্তুষ্টি প্ৰকাশ কৰে।
প্ৰণিধানযোগ্য যে, চিবিআয়ে দাখিল কৰা এক পত্ৰত উল্লেখ কৰিছিল যে, আবেদনকাৰী অভিযুক্ত তথা হিমাচল প্ৰদেশ পাৱাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ সঞ্চালক দেশ ৰাজে তদন্তত সহযোগ কৰা নাছিল। তাৰোপৰি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছিল।
এই কথা মুঠেও মানি ল’ব পৰা নাই বিচাৰপীঠে। এই ধৰণৰ কথা শিশুসুলভ বুলিও টিপ্পনী কৰে ন্যায়ালয়ে। চিবিআইৰ এগৰাকী দায়িত্ববাহী আৰু জ্যেষ্ঠ বিষয়া হৈ দাখিল কৰা পত্ৰত এইধৰণৰ কথা অতি দুখজনক বুলি আখ্যা দিয়ে বিচাৰপীঠে। আনহাতে চিবিআয়ে অভিযুক্ত দেশ ৰাজৰ বাবে অগ্ৰীম জামিন বিচাৰি উচ্চতম ন্যায়ালয়ক আবেদন কৰা কাৰ্যকো ধিক্কাৰ দিয়ে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে।
উল্লেখযোগ্য যে, চিবিআইৰ দলটোৱে বিমল নেগীৰ মৃত্যু সম্পৰ্কত দাখি কৰা প্ৰতিবেদনত এই বুলি উল্লেখ কৰে যে, বিমল নেগীৰ ঘটনাৰ গোচৰটো এইচ পি পি চি এলৰ সঞ্চালক (বৈদ্যুতিক) দেশ ৰাজে অন্যান্য জ্যেষ্ঠ বিষয়াৰ সৈতে নেগীক মানসিকভাৱে অত্যাচাৰ কৰিছিল। তাৰ পিছত পাৱাৰকৰ্পৰ মুখ্য অভিযন্তা হিচাপে নিযুক্তি দিছিল।
এই দায়িত্ব দিয়াৰ পাছতে তেওঁক গভীৰ নিশা কাম কৰিবলৈও বাধ্য কৰাইছিল ওপৰ মহলে। নেগীৰ অসুস্থতাৰ কথা জানিও তেওঁক এনেদৰে কাম কৰিবলৈ দিয়া হৈছিল বুলি প্ৰতিবেদনত উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us