NRC ৰ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত হিতেশ দেৱ শৰ্মাৰ আবেদনঃ ন্যায়ালয়ৰ জাননী জাৰি

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মা। শৰ্মাৰ আবেদন গ্ৰহণ কৰি ন্যায়ালয়ে জাৰি কৰিলে জাননী।

author-image
Asomiya Pratidin
New Update
NRC ৰ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত হিতেশ দেৱ শৰ্মাৰ আবেদনঃ ন্যায়ালয়ৰ জাননী জাৰি

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মা। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তেওঁৰ এই আবেদন গ্ৰহণ কৰি এন আৰ চি পুনৰীক্ষণৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে। 

Advertisment

ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ অতুল চন্দুৰকাৰৰ দ্বাৰা গঠিত যুটীয়া বিচাৰপীঠে এই আবেদন গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ উপৰিও অসম চৰকাৰ, এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক আৰু ভাৰত চৰকাৰৰ মহাপঞ্জীয়কলৈ জাননী জাৰি কৰিছে। 

উল্লেখ্য যে, এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই এন আৰ চিৰ বিসংগতিৰ কথা উল্লেখ কৰি চূড়ান্ত তালিকাত বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি দাবী কৰি আহিছিল। প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাৰ পৰা ২০ লাখ লোকৰ নাম বাদ পৰিছিল। 

ইয়াকে লৈ যোৱা সময়ছোৱাত অসমত নানান বিতৰ্ক হৈ আহিছে। প্ৰকাশিত চূড়ান্ত খচৰা তালিকাক লৈ মুকলিকৈ চূড়ান্ত অসন্তুষ্টি প্ৰকাশ কৰি আহিছে এন আৰ চিৰেই প্ৰাক্তন ৰাজ্যিক সম্বয়ক হিতেশ দেৱ শৰ্মাই। তাৰ মাজতেই তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু এই এন আৰ চিৰ পুনৰীক্ষণৰ আহ্বান জনাইছে।

এন আৰ চিৰ পুনৰীক্ষণ সন্দৰ্ভত দাখিল হোৱা আবেদন আৰু ইয়াৰ শুনানিৰ বাবে উচ্চতম ন্যায়ালয় সন্মত হোৱাৰ পিছতেই এই সন্দৰ্ভত অধিবক্তা মনীষ গোস্বামীয়ে কয় যে, এন আৰ চিত বহু ভুল আছে। এই সন্দৰ্ভত এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সনম্বয়ক হিতেশ দেৱ গোস্বামীয়ে উচ্চতম ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰে। তেওঁ আৰু কয়, এই গোচৰৰ উদ্দেশ্য হৈছে ভুলমুক্ত এখন শুদ্ধ এন আৰ চি, এয়া ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰাও গুৰুত্বপূৰ্ণ। 

উল্লেখ্য যে, ৩১ ডিচেম্বৰ, ২০১৭ ত এন আৰ চিৰ প্ৰথমখন খচৰা আৰু ৩০ জুলাই, ২০১৮ ত সম্পূৰ্ণ খচৰা প্ৰকাশ কৰা হৈছিল। ইয়াৰ পিছত ৩১ আগষ্ট, ২০১৯ ত প্ৰকাশ পাইছিল এন আৰ চিৰ চূড়ান্ত তালিকা।এন আৰ চিৰ খচৰাত প্ৰায় ৪১ লাখ লোকৰ নাম বাদ পৰিছিল যদিও অন্তিম তালিকাত ইয়াৰে বেছিভাগৰ নাম অন্তৰ্ভূক্ত হৈছিল।। চূড়ান্ত খচৰাৰ পৰা মাত্ৰ ১৯,০৬,৬৫৭ জন লোকৰ নাম কৰ্তন কৰা হৈছিল। এন আৰ চিত নাম নথকা এইসকলোবোৰ লোকেই যে অবৈধ বিদেশ নহয় সেই কথাও চৰকাৰী পক্ষ আৰু এন আৰ চিৰ কৰ্তৃপক্ষই স্পষ্ট কৰিছিল। 

এন আৰ চি উচ্চতম ন্যায়ালয়