/asomiyapratidin/media/media_files/2025/10/10/fefdeer-2025-10-10-11-05-33.jpg)
ডিজিটেল ডেস্কঃ শিক্ষাৰ্থীক যৌন শিক্ষা প্ৰদান সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে। বুধবাৰে ন্যায়ালয়ে যৌন শিক্ষা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সীমাবদ্ধ ৰখাতকৈ পূৰ্বৰ পৰ্যায়ত বিদ্যালয়ত প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে ।
উল্লেখযোগ্য যে, নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত ১৫ বছৰীয়া কিশোৰ এজনৰ জামিন আবেদনৰ শুনানিৰ সময়ত এই পৰামৰ্শ আগবঢ়াইছে উচ্চতম ন্যায়ালয়ে। যৌৱন আৰু যৌন আচৰণৰ সন্দৰ্ভত আগতীয়াকৈ সজাগ হোৱাৰ বাবে গুৰুত্ব আলোকপাত কৰিছে। ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু আলোক আৰাধেৰে বিচাৰপীঠে ভুক্তভোগী আৰু অভিযুক্ত দুয়োজনেই কিশোৰ-কিশোৰী বুলি পৰ্যবেক্ষণ কৰি হাইস্কুলৰ বহু আগতেই ছাত্ৰ-ছাত্ৰীক শাৰীৰিক, আৱেগিক আৰু সামাজিক পৰিৱৰ্তনৰ বাবে প্ৰস্তুত কৰাত গুৰুত্ব দিছে।
এই ঘটনা সংঘটিত হৈছিল ২০২৩ চনৰ ২০ অক্টোবৰত। উত্তৰ প্ৰদেশৰ সম্ভল জিলাৰ হায়াত নগৰ থানাত দাখিল কৰা এফআইআৰৰ অভিযোগ অনুসৰি, দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক অভিযুক্ত যুৱকজনে নিজৰ বাসগৃহলৈ নি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। যাৰবাবে গৰ্ভৱতী হৈছিল কিশোকগৰাকী। ইয়াৰ পাছতে আইপিচিৰ ৩৭৬ আৰু ৫০৬ ধাৰা, আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ ৬ নং ধাৰাত অভিযুক্ত কিশোৰজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়।
এই কাৰ্য্যবিধিৰ সময়ত উত্তৰ প্ৰদেশ চৰকাৰে এনচিইআৰটিৰ নিৰ্দেশনা অনুসৰি নৱম শ্ৰেণীত যৌন শিক্ষা আৰম্ভ হোৱা বুলি উল্লেখ কৰি শপতনামা দাখিল কৰে। পিছে, আদালতে অসন্তুষ্টি প্ৰকাশ কৰি জোৰ দি কয় যে, কিশোৰ-কিশোৰীসকলক হাইস্কুলত পঢ়াৰ বহু আগতেই শাৰীৰিক পৰিৱৰ্তন, সন্মতি আৰু দায়িত্বশীল আচৰণৰ বিষয়ে জ্ঞান দিব লাগে।