পেছিভ ইউথেনাচিয়াৰ বাবে এইমছক চিকিৎসা বোর্ড গঠন কৰিবলৈ সুপ্ৰীম কোৰ্টৰ নিৰ্দেশ

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নতুন দিল্লীৰ এইমছৰ সঞ্চালকক ছেকেণ্ডাৰী মেডিকেল ব’ৰ্ড গঠন কৰি বিগত ১৩ বছৰ ধৰি মৃত্যুৰ সৈতে যুঁজ দি থকা এজন ৩২ বছৰীয়া যুৱকক পেছিভ ইউথেনাচিয়াৰ বাবে পৰীক্ষা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
cfsdferfere

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নতুন দিল্লীৰ এইমছৰ সঞ্চালকক ছেকেণ্ডাৰী মেডিকেল ব’ৰ্ড গঠন কৰি বিগত ১৩ বছৰ ধৰি মৃত্যুৰ সৈতে যুঁজ দি থকা এজন ৩২ বছৰীয়া যুৱকক পেছিভ ইউথেনাচিয়াৰ বাবে পৰীক্ষা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। পেছিভ ইউথেনাচিয়া হৈছে ৰোগীক জীৱিত ৰাখিবলৈ দিয়া চিকিৎসা বা যন্ত্ৰপাতি বন্ধ কৰি স্বাভাৱিকভাৱে মৃত্যু হ'বলৈ দিয়া।

১৩ বছৰ ধৰি মৃত্যুৰ সৈতে যুঁজ দি থকা যুৱকজনৰ চিকিৎসাৰ যন্ত্ৰপাতি আঁতৰাই স্বাভাৱিক মৃত্যুৰ প্ৰতি এৰি দিয়া উচিত নে অন্য পথ লোৱা উচিত তাকে লৈ ছেকেণ্ডাৰী মেডিকেল ব’ৰ্ডে কৰিব পৰ্যালোচনা। উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক লৈ সৃষ্টি হৈছে ব্যাপক চৰ্চা।

পুত্ৰৰ বাবে পেছিভ ইউথেনাচিয়াৰ অনুমতি বিচাৰি পিতৃয়ে দাখিল কৰা আবেদনৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰে ন্যায়ালয়ে। সমগ্ৰ বিষয় সন্দৰ্ভত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে ১৭ ডিচেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ১৮ ডিচেম্বৰ দিনটো শুনানিৰ বাবে নিৰ্ধাৰণ কৰে।

ইফালে, ২০১৮ চনত পাঁচজনীয়া সংবিধান বিচাৰপীঠে পেছিভ ইউথেনাচিয়াক বৈধতা প্ৰদান কৰিছিল আৰু এনে ‘লিভিং উইল’ কাৰ্যকৰী কৰাৰ সন্দৰ্ভত চৰ্ত আৰু সুৰক্ষা ব্যৱস্থা নিৰ্ধাৰণ কৰিছিল। ২০২৩ চনৰ জানুৱাৰী মাহত আদালতে এই আদেশ অধিক কাৰ্য্যকৰী আৰু কম কঠোৰ কৰিবলৈ সংশোধন কৰে।

উল্লেখযোগ্য যে, পঞ্জাৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৰিশ ৰাণাই ২০১৩ চনত নিজৰ পেইং গেষ্ট একমডেচনৰ চতুৰ্থ মহলাৰ পৰা পৰি মূৰত আঘাত পাইছিল। তেতিয়াৰ পৰাই তেওঁ সম্পূৰ্ণৰূপে বিচনাত পৰি আছে, আৰু কৃত্ৰিম সহায়ক ব্যৱস্থাত আছে। ইমান বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে তেওঁৰ পিতৃ-মাতৃয়ে হৰিশৰ বাবে পেছিভ ইউথেনাচিয়া বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

২৬ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে নয়ডা জিলা চিকিৎসালয়ক হৰিশ ৰাণাক পৰীক্ষা কৰিবলৈ প্ৰাথমিক চিকিৎসা ব’ৰ্ড গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। ২৬ নৱেম্বৰৰ নিৰ্দেশ অনুসৰি, মুখ্য চিকিৎসা বিষয়া (চিএমঅ’) গাজিয়াবাদে হৰিশ ৰাণাৰৰ বাসগৃহত উপস্থিত হৈছিল চাৰিজনীয়া চিকিৎসা বিশেষজ্ঞৰ দলৰ সৈতে। বিশেষজ্ঞসকলে হৰিশক পৰীক্ষা কৰাৰ পাছতে অধ্যক্ষ, লালা লাজপত ৰায় মেম’ৰিয়েল মেডিকেল কলেজ (এল এল আৰ এম), মেৰুটলৈ চিঠি লিখিছিল। এই চিঠিত হৰিশ ৰাণাৰ শেহতীয়া স্বাস্থ্য অৱস্থাৰ কথা উল্লেখ কৰা হৈছিল।

এইমছ