সংকটত দেশৰ চিকিৎসকঃ কৃষকৰ পিছতে এইবাৰ ৰাজপথত নামিব চিকিৎসক…

প্ৰতীকী ফটো
প্ৰতীকী ফটো

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে দৰমহা নোপোৱা ডাক্তৰ সকলক দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ আহ্বান জনাইছে। উচ্চতম ন্যায়লয়ে কয় যে,আবেদনকাৰী উচ্চ ন্যায়ালয়ত এই বিষয়ৰ বাবে আবেদন কৰা উচিত।

প্ৰকৃততে দিল্লীৰ উত্তৰাঞ্চলৰ নগৰ পালিকাৰ হিন্দুৰাৱ আৰু কস্তুৰবা হস্পিতালৰ ডাক্তৰ আৰু চিকিৎসা কৰ্মীয়ে বিগত কিছুমাহ ধৰি কোনো ধৰণৰ দৰমহা লাভ কৰা নাই।ইয়াৰ বিৰুদ্ধে ডাক্তৰ সকলে আইএমএৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আৰু ইয়াৰ মাজতে এমচিডিএয়ে অনিৰ্দিষ্টকালীন ধৰ্মঘট কৰাৰ ধমক দিছিল।

উল্লেখ্য যে, আইএমএত প্ৰায় ১২০০ জ্যেষ্ঠ চিকিৎসক আৰু আন দুটা সংগঠনৰো বহু জ্যেষ্ঠ চিকিৎসকে এই আন্দোলনত ভাগ লৈছে। শনিবাৰে সংগঠনটোৰ অধ্যক্ষ আৰ আৰ গৌতমে কয় যে যদি তিনি মাহৰ প্ৰাপ্য বেতন যদি সোনকালে আদায় নকৰে তেতিয়া তেওঁলোকে অনিৰ্দিষ্ট কালীন ধৰ্মঘট ঘোষণা কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in