সমাজকৰ্মী সুনীল কুমাৰ শৰ্মাৰ দেহাৱসান...

ধুবুৰী জিলাৰ গৌৰীপুৰৰ ২ নং ৱাৰ্ড হৰিসভা অঞ্চলৰ বাসিন্দা সুনীল কুমাৰ শৰ্মাৰ মৃত্যুক কেন্দ্ৰ কৰি গভীৰ শোঁকৰ ছাঁ পৰিছে।

author-image
Asomiya Pratidin
New Update
gauri

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ২ নং ৱাৰ্ড হৰিসভা অঞ্চলৰ বাসিন্দা সুনীল কুমাৰ শৰ্মাৰ মৃত্যুক কেন্দ্ৰ কৰি গভীৰ শোঁকৰ ছাঁ পৰিছে। জানিব পৰা মতে, কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁৰ সোমবাৰে মৃত্যু হৈছিল। 

মৃত্যুৰ সময়ত শৰ্মাৰ বয়স হৈছিল প্ৰায় ৫৪ বছৰ। ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত অধ্যাপক হিচাপে কিছুদিন কাম কৰিছিল। পাছত তেওঁ চাকৰি এৰি গৌৰীপুৰৰ বিভিন্ন সামাজিক কামত জড়িত হৈ পৰে। 

গৌৰীপুৰৰ এগৰাকী সমাজকৰ্মী হিচাপে কাম কৰা শৰ্মাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গুণমুগ্ধসকল উপস্থিত হয় তেওঁৰ বাসগৃহত। তাৰপাছত নিশা স্থানীয় গৌৰীপুৰ ৰাজহুৱা শ্মশান মন্দিৰত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ সন্তানৰ লগতে অজস্ৰ গুণমুগ্ধক ইহঃসংসাৰত এৰি থৈ যায়।

গৌৰীপুৰ