জুবিনক ন্যায় দিব নোৱাৰে, চি আই ডিয়ে ১৭মাহে মোৰ স্বামীৰেই সন্ধান উলিয়াব নোৱাৰিলে...

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ আক্ষেপ প্ৰকাশ কৰিলে ঢকুৱাখনাত ৰহস্যজনকভাৱে মৃত্যু হোৱা সুনীল গগৈৰ পত্নীয়ে। চি আই ডিয়ে জুবিনক ন্যায় প্ৰদান কৰিব নোৱাৰে বুলি আক্ষেপ প্ৰকাশ

author-image
Asomiya Pratidin
New Update
shhhss

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ আক্ষেপ প্ৰকাশ কৰিলে ঢকুৱাখনাত ৰহস্যজনকভাৱে মৃত্যু হোৱা সুনীল গগৈৰ পত্নীয়ে। চি আই ডিয়ে জুবিনক ন্যায় প্ৰদান কৰিব নোৱাৰে বুলি আক্ষেপ প্ৰকাশ কৰি তেওঁ কয় যে, 'CIDয়ে জুবিনৰ ৰহস্যজনক মৃত্যুৰ ন্যায় দিব নোৱাৰে ৷ মোৰ স্বামীৰ ঘটনা ১৭ মাহ হ’ল। আজিলৈকে সন্ধান নাই। DNA ৰিপৰ্টলৈকেহে তদন্ত ৷ তাৰ পাছত একো নাই। তেঁওলোকে কোৱা জাহাংগীৰৰ মুৰটোও বেলেগেহে উদ্ধাৰ কৰিলে ৷'

চি আই ডিৰ তদন্তৰ ওপৰত আস্থ নথকাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি তেওঁ লগতে কয়- CID ৰ তদন্তৰ ওপৰত মোৰ আস্থা নাই। উল্লেখ্য যে,  ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ লোমহৰ্ষক হত্যাকাণ্ডৰ বলি হৈছিল  সুনীল গগৈ।  তাৰ পিছতে উক্ত ঘটনাক লৈ চি আই ডিয়ে জোৰদাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যদিও আজিকোপতি এই তদন্তৰ সুফল পোৱা নাই পৰিয়ালে। 

জুবিন গাৰ্গ