/asomiyapratidin/media/media_files/2026/01/31/sfsffssfsf-2026-01-31-15-45-12.jpg)
ডিজিটেল ডেস্কঃ স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শপত ল'ব প্ৰয়াত অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰে। এন চি পি দলৰ বিধায়িনী দলৰ বৈঠকত সুনেত্ৰা পাৱাৰক নেত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ পাছতে ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰে তেওঁ।
উল্লেখ কৰা প্ৰয়োজন যে, বিমান দুৰ্ঘটনাত অজিত পাৱাৰ মৃত্যু হোৱাৰ পাছতে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁৰ পত্নীয়ে গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ লৈছিল এন চি পিয়ে। বাৰামতীত অনুষ্ঠিত হৈছিল বিধায়িনী দলৰ বৈঠক। এই বৈঠকত এন চি পি দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছিল।
সুনেত্ৰা পাৱাৰ ২০২৪ চনত তেওঁ ৰাজনৈতিকভাৱে অধিক চৰ্চালৈ আহে, যেতিয়া মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ নিৰ্বাচনত তেওঁ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হয়। তেওঁ নিজে সক্ৰিয় ৰাজনীতিত দীঘলীয়া সময় ধৰি জড়িত নাছিল যদিও, পাৱাৰ পৰিয়ালৰ সামাজিক আৰু ৰাজনৈতিক পৰিসৰত তেওঁৰ উপস্থিতি সদায়ে লক্ষ্য কৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us