সুন্দৰীদিয়া সত্ৰৰ বুৰীয়া বিলত বিষ দি মাছ নিধন...
ডিজিটেল সংবাদ, বৰপেটাঃ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহাসিক সুন্দৰীদিয়া সত্ৰৰ অধীনত থকা প্ৰায় ২০০ বিঘা মাটিকালিৰে আবৃত্ত ইতিহাস প্ৰসিদ্ধ বুৰীয়া বিলত যোৱা তিনিদিন ধৰি এচাম দুষ্কৃতিকাৰীয়ে ষড়যন্ত্রমূলকভাৱে বিষ ঢালি দি পুখুৰীটোত উৎপাদন হোৱা এক বৃহৎ পৰিমাণৰ মাছ নিধন কৰা কাৰ্য্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি গোবিন্দ তালুকদাৰ আৰু সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত জনোৱা মতে, ১৯৫২ চনৰ পৰাই সুন্দৰীদিয়া সত্ৰই প্ৰতি ৫ বছৰৰ ম্যাদৰ বাবে অসম চৰকাৰৰ পৰা বিধিগতভাৱে লিজত লৈ বিলটোত মাছ উৎপাদনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। সত্ৰ সমিতিয়ে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৰাজহ নিৰ্ধাৰিত সময়ত চৰকাৰৰ ৰাজকোষত জমা দি চৰকাৰৰ ৰাজকোষ লৈ এক অৱদান আগবঢ়াই আহিছে।
প্ৰতিবছৰে ৮ লাখ টকাৰ পৰা ১০ লাখ টকা পৰ্যন্ত বিলটোৰ পৰা আয় কৰা ধনে সত্ৰখন পৰিচালনা কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। বিলখনৰ পাৰ্শ্বৱৰ্তী এলেকাত এক বৃহৎ অংশত বসবাস কৰা সংখ্যালঘু সম্প্ৰদায়ৰ একাংশ দুষ্কৃতিকাৰী আৰু সমাজ বিৰোধী লোকৰ প্ৰৰোচনাত আৰু দালালৰ সহযোগত একাংশ লোকে পূৰ্বতে ২০০০ বিঘা মাটিৰে আৱৰি থকা এই ঐতিহাসিক বিলটো চাৰিওফালৰ পৰা বেদখল কৰাৰ ফলত সেই বৃহৎ পৰিমাণৰ মাটি সংকুচিত হৈ আহি বৰ্তমানে মাত্ৰ ২০০ মাটিৰে বিলটো জীয়াই আছে।
দুষ্কৃতিকাৰীসকলে বিলটোৰ চাৰিওফালে নিজাববীয়াকৈ সৰু সৰু পুখুৰী নিৰ্মাণ কৰি বিলখনৰ পৰা হোৱা আয়ৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস কৰিছে। ফলত সুন্দৰীদিয়া সত্ৰৰ আয় প্ৰাপ্তিৰ ক্ষেত্ৰত বহু পৰিমাণে বাধাৰ সৃষ্টি হৈছে। বিলটোৰ চাৰিওফালৰ মাটি অবাধ গতিত বেদখল কৰি বাসগৃহ, পথ আদি নিৰ্মাণ কৰি বিলখনৰ অস্তিত্বলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। দুষ্কৃতিকাৰীৰ এনে অবৈধ কাৰ্য বাধা দিবলৈ সময়ে সময়ে সত্ৰ পৰিচালনা সমিতিয়ে পুলিচৰ আশ্ৰয় ল'ব লগা হৈছে।
ইয়াৰ পিছতো দুষ্কৃতিকাৰীসকলে সত্ৰ সংস্কৃতিৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান কঢ়িয়াই আনি এনে দুষ্কাৰ্য অবাধ হাৰত চলাই আহিছে। শেহতীয়াভাৱে যোৱা তিনিদিন ধৰি বিলখনৰ এটা বৃহৎ অংশত পৰিকল্পিতভৱে বিষ ঢালি দি প্ৰায় ১৫ কুইণ্টল বিভিন্ন প্ৰজাতিৰ ডাঙৰ-সৰু মাছ নিধন কৰিছে। দুষ্কৃতিকাৰীৰ এনে দুষ্কাৰ্য্য বন্ধ কৰিবলৈ সত্ৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছে বুলি সত্ৰ পৰিচালনা সমিতি সম্পাদক ভূধৰ দাসে জানিবলৈ দিছে।
অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিয়ে সুন্দৰীদিয়া সত্ৰৰ তত্বাৱধানত থকা ইতিহাস প্ৰসিদ্ধ বুৰীয়া বিলত বিষ ঢালি দি গোপনে মাছ নিধন কৰা কাৰ্য বন্ধ কৰা আৰু দোষীক চিনাক্ত কৰি এক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ বৰপেটা জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক আহ্বান জনাইছে। সত্ৰ মহাসভাই লগতে একাংশ লোকৰ তীব্ৰ আগ্ৰাসনৰ ফলত বৰপেটা জিলাৰ বিভিন্ন সত্ৰৰ ভূমি সম্পদকে ধৰি অন্যান্য সম্পদ যাতে বিলুপ্ত নহয় সময় থাকোঁতে তাৰবাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটা জিলা আয়ুক্তক আহ্বান জনাইছে।