একল অভিযানৰ ব্যস দক্ষতা বৰ্গৰ সামৰণি

একল অভিযান পূৰ্বোত্তৰ প্ৰভাগৰ অন্তৰ্গত পশ্চিম পূৰ্বোত্তৰ সম্ভাগৰ উদ্যোগত অনুষ্ঠিত ব্যস দক্ষতা বৰ্গৰ সোমবাৰে সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
new ap web batdraba

ডিজিটেল সংবাদ, বটদ্ৰৱা : একল অভিযান পূৰ্বোত্তৰ প্ৰভাগৰ অন্তৰ্গত পশ্চিম পূৰ্বোত্তৰ সম্ভাগৰ উদ্যোগত অনুষ্ঠিত ব্যস দক্ষতা বৰ্গৰ সোমবাৰে সামৰণি পৰে। নগাঁও চহৰৰ হয়বৰগাঁৱৰ মহাৰাজা আগ্ৰেছন ভৱনত অনুষ্ঠিত এই অনুষ্ঠানৰ ১০ ছেপ্তেম্বৰৰ আৰম্ভণি দিনা পুৱা জাগৰণ, প্ৰাতঃস্মৰণ, যোগাসন, স্বচ্চতা, উপাসনাৰ পাছত কথা প্ৰবচন কৰে প্ৰভাগৰ সহ ব্যস প্ৰমুখ বুধিন পেগু আৰু কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰমুখ তিলক চন্দ্ৰই।

ইয়াৰ পাছত অভ্যাস সত্ৰ, অভিযানৰ সাংগঠনিক বিষয়, বৌদ্ধিক সত্ৰ আৰু সমীক্ষা সত্ৰ অনুষ্ঠিত হয়। আজি সন্ধিয়া অনুষ্ঠিত সামৰণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে নগাঁও অঞ্চল সমিতিৰ অধ্যক্ষ ৰাধাৰমণ খাটোৱালে। পাঁচদিনীয়া এই বৰ্গৰ সামৰণি অনুষ্ঠানত পূৰ্বোত্তৰ প্ৰভাগৰ গতিবিধি প্ৰমুখ মন্টু গঞ্জু, পশ্চিম পূৰ্বোত্তৰ সম্ভাগৰ অভিযান প্ৰমুখ কান্তি বড়ো, অঞ্জলি বসুমতাৰী, বাচাপি ৰংপিপি, মধ্য অসম ভাগৰ অভিযান প্ৰমুখ ফিৰোজ দলে, নগাঁও সমিতিৰ সচিব ৰতন কুমাৰ বাগাৰিয়া, যুগল কিশোৰ জাজোৰীয়া, দিলীপ আগৰৱালা, অজয় মাহটো, দিব্যজ্যোতি বৰুৱা, মধ্য অসম ভাগৰ ৰথ যোজনা প্ৰমুখ মনজিৎ নায়ককে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। 

বটদ্ৰৱা