বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ অধিবেশনৰ সামৰণি

তিনিদিনীয়া কায্যসূচীৰে কঠিয়াতলিৰ নিবুকালি অনন্ত কন্দলি হাইস্কুলত ৭আগষ্টৰ পৰা আৰম্ভ হোৱা নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ ৪২সংখ্যক পূৰ্ণাংগ অধিবেশনৰ শনিবাৰে সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
web4

ডিজিটেল সংবাদ, কামপুৰ : তিনিদিনীয়া কায্যসূচীৰে কঠিয়াতলিৰ নিবুকালি অনন্ত কন্দলি হাইস্কুলত ৭আগষ্টৰ পৰা আৰম্ভ হোৱা নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ ৪২সংখ্যক পূৰ্ণাংগ অধিবেশনৰ শনিবাৰে সামৰণি পৰে । পুৱাৰ ভাগত বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ পৰিধানেৰে ছাত্র ছাত্ৰীসকলৰ দ্বাৰা এক বিশাল বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াও হয়।

Advertisment

সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰি দিয়া ভাষণত নগাঁও জিলাৰ আয়ুক্ত দেবাশীষ শৰ্মাই জাতি- জনগোষ্ঠীৰ মিলন ভূমি এই অনন্ত কন্দলি হাইস্কুলৰ নৰহৰি ডেকাৰজা ক্ষেত্ৰত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষক সংস্থাৰ পূৰ্ণাংগ অধিৱেশনে শিক্ষক ছাত্ৰৰ এক মধুৰ সমন্বয়ৰ ভেটি গঢ়ি তুলিব বুলি বক্তব্য আগবঢ়ায় । শিক্ষাগুৰুসকলক নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় ।

শিক্ষকসকলক একত্ৰিত কৰাৰ ক্ষেত্ৰত জিলা সম্পাদক যগেশ্বৰ ৰাজখোৱাই কৰা কাম কাজৰ শলাগ লৈ আয়ুক্ত শৰ্মা দেৱে শিক্ষাগুৰু সকলক ছাত্ৰ ছাত্ৰী সকলৰ সামগ্ৰিক বিকাশ সাধন কৰিবলৈ আহ্বান জনায় ।বিয়লি নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি ৰঞ্জিত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰে জিলা সম্পাদক যগেশ্বৰ ৰাজখোৱাই ।

মুকলি সভাৰ উদ্ধোধনী ভাষণত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে শিক্ষাগুৰু সকলে ছাত্র- ছাত্ৰীসকলক মানুহ বনুৱাৰ ক্ষেত্ৰত যি অহোপুৰুষাৰ্থ কৰি আহিছে তাৰ বাবে শিক্ষাগুৰুসকল সেৱাৰ পাত্ৰ বুলি কয় । মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই শিক্ষা গুৰুসকলৰ মহান কৰ্মসেৱাক আদৰণি জনায়।

এই সভাতে নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ মুখপত্ৰ উন্মোচন কৰে সাংসদ তাছাই । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চামগুৰি সমষ্টিৰ বিধায়ক ডিপ্লো ৰঞ্জন শৰ্মাই গুৰু শিষ্যৰ পুৰণি যি সম্পৰ্ক বৰ্তমান অবক্ষয় ঘটিছে বুলি কৈ শিক্ষাৰ্থী সকলক নৈতিক শিক্ষাৰে শিক্ষাদান কৰাৰ বাবে শিক্ষাগুৰুসকলক আহ্বান জনায় ।

সভাত মৰিগাঁও তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ ,মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ,হাইস্কুল শিক্ষক সংস্থাৰ সহকাৰী সম্পাদক ৰাকেশ শৰ্মা ,সত্য তালুকদাৰ ,প্ৰধান শিক্ষক বাপধন নাথ ,বকুল নাথ মিন্টু শৰ্মা ৰাতুল বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি সুনন্দ কলিতাই পূৰ্বৰ পৰা শিক্ষক সকলে ভুগি অহা বিভিন্ন সমস্যা সমূহ সমাধানৰ বাবে হাইস্কুল শিক্ষক সংস্থাই লোৱা বলিষ্ঠ পদক্ষেপৰ বিষয়ত বক্তব্য আগবঢ়ায়।

হাইস্কুল সংস্থাই চৰকাৰৰ সতে দাবী আৰু আলোচনাৰ মাজেৰে সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে বুলি কয় সভাপতিগৰাকীয়ে।

নগাঁও