/asomiyapratidin/media/media_files/2025/12/29/543-2025-12-29-19-41-02.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ লাংহিন পামগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ২৮, ২৯ আৰু ৩০ ডিচেম্বৰত কাৰ্বি আংলং জিলা পৰ্যায়ৰ পাঁচ অগ্ৰণী বড়ো সংগঠন ক্ৰমে কছাৰী সমাজৰ ৭৫ সংখ্যক, ইউ বি পি অ' ৰ চতুৰ্থ সংখ্যক, সদৌ বড়ো কৰ্মচাৰী সন্থাৰ ৩৬ সংখ্যক, সদৌ বড়ো কৃষক সন্থাৰ ২৭ সংখ্যক আৰু বড়ো চিনে আৰ্ট এচোছিয়েশ্যনৰ তৃতীয় সংখ্যক বছৰেকীয়া অধিৱেশনৰ সোমবাৰে দ্বিতীয় কাৰ্যসূচীৰ অন্ত পৰে ।
দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পাঁচ অগ্ৰণী বড়ো সংগঠনৰ সভাপতিৰ দ্বাৰা পৃথকে পৃথকে পতাকা উত্তোলন কৰে ক্ৰমে কছাৰী সমাজৰ সভাপতি দালছিং বসুমতাৰী, কৰ্মচাৰী সন্থাৰ সভাপতি দিলীপ দৈমাৰী, কৃষক সন্থাৰ সভাপতি জয়ধ্বজ খাখলাৰী, ইউ বি পি অ'ৰ সভাপতি তনুৰাম দৈমাৰী আৰু বড়ো চিনে আৰ্ট এচোছিয়েশ্যনৰ সভাপতি জৌংচাৰ বসুমতাৰীয়ে । শ্বহীদ তৰ্পণ কৰে কছাৰী সমাজৰ উপ সভাপতি সুকুৰছিং বসুমতাৰীয়ে ।
শান্তিৰ প্ৰাৰ্থনা আৰু কামনাৰে এজোৰ বগা পাৰ চৰাই উৰুৱাই দিয়ে সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° প্ৰেমানন্দ মোছাহাৰী আৰু কছাৰী সমাজৰ সভাপতি দালছিং বসুমতাৰীয়ে । অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৰণিকা 'SWRJI' উন্মোচন কৰে সাহিত্য অকাডেমি বঁটা বিজয়ী ঋতুৰাজ বসুমতাৰীয়ে ।
ইয়াৰ পিছতে দালছিং বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত কৰা সজাগতা সভাত বিশেষভাৱে নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বৈজ্ঞানিক প্ৰণালীত কিদৰে গাহৰি পালন কৰিব লাগে এই সন্দৰ্ভত ভাষণ দি বেংকৰ চাকৰি বাদ দি বৰ্তমান তেওঁ তেওঁৰ গাহৰিৰ ফাৰ্মত ৫০ জন নিবনুৱাক চাকৰি দিয়ে বুলি সগৌৰৱে ৰাইজৰ আগত ব্যক্ত কৰে অসম গৌৰৱ বঁটা প্ৰাপক তেজপুৰৰ মনোজ কুমাৰ বসুমতাৰীয়ে । ইয়াৰ পিছতে বুদ্ধিজীৱীৰ মত বিনিময় আলোচনা সভা অনুষ্ঠিত কৰা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us