/asomiyapratidin/media/media_files/2025/09/10/304-2025-09-10-23-20-46.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : ননৈ মহাবিদ্যালয়ত ৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱা সংস্কৃতৰ জড়িয়তে মনোবৌদ্ধিক আৰু ভাৰতীয় ভাষাতত্ব আত্মা উদ্দীপন শীৰ্ষক ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠানৰ বুধবাৰে সামৰণি পৰে। মহাবিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ উদ্যোগত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিত কোষৰ সৌজন্যত আসমীয়া আৰু লোকসংস্কৃতি বিভাগ আৰু কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ নতুন দিল্লীৰ সহযোগত অনুষ্ঠিত হৈছিল এই অনুষ্ঠানটি।
৮ ছেপ্টেম্বৰ অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপিকা ড০ কবিতা দেৱী কুশ্ৰে। অধ্যক্ষ ৰীতা শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত অনুষ্ঠানটিত সংস্কৃত ভাৰতীৰ উত্তৰ পূবৰ সাংগঠনিক সম্পাদক ভবেন শইকীয়া আৰু সমল ব্যক্তি ৰূপে উপস্থিত থাকে নতুন দিল্লী কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ অনুমোদিত শিক্ষক তপন ৰাজবংশী।
সমগ্ৰ কাৰ্যসূচীত মহাবিদ্যালয়ৰ অধ্যাপক ৰাতুল শইকীয়া, ড০ সুকন্যা বৰা, ভনিতা শইকীয়া ৰুণু দেৱী, বন জ্যোতি গায়ন, পৰিস্মৃতা বৰা, জুমি দাস, ফাৰুক স্বেয়াৰ, জ্যোতি শিখা শৰ্মা, তৰলী দেৱী, মেৰীৰানী দেৱী, বিভা দেৱনাথ, দেৱযানী বৰা, অবিনাশ বৰা, বিনোদ বৰা, চিন্ময় বৰাৰ লগতে ৩০০ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।