/asomiyapratidin/media/media_files/2025/10/03/465-2025-10-03-07-53-55.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ : মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ নামধৰ্ম্ম সমাজ অসম, কলিয়াবৰ আঞ্চলিক সমাজৰ উদ্যোগত ৩০ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা গুৰুজনাৰ ৫৭৭ সংখ্যক জন্ম জয়ন্তী উৎসৱৰ লগতে কলিয়াবৰ আঞ্চলিক সমাজৰ দ্বি-বার্ষিক পূর্ণাঙ্গ অধিৱেশন ভাগ বৃহস্পতিবাৰে সফলভাৱে সামৰণি পৰিছে।
চতিয়াল বৰ নামঘৰ প্ৰাঙ্গণত অনুষ্ঠিত কাৰ্যসূচীৰ প্ৰথম দিনা পুৱা প্ৰাতঃপ্ৰসংগ,পৰিৱেশ নিকাকৰণৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰে সভাপতি তুৱাকান্ত বৰাই । ইয়াৰ পাছতে নৱ নিৰ্মিত বাটচʼৰা উন্মোচন কৰে স্থানীয় বিধায়ক তথা মন্ত্রী কেশৱ মহন্তই ।
ভাষণ প্ৰসংগত তেওঁ গুৰু জনাৰ আদৰ্শক উঠি অহা নতুন প্ৰজন্মক আকোঁৱালি ল'বলৈ আহ্বান জনায়। ইয়াৰ পাছতে গুৰু সমাজ আৰু আই মাতৃ সমাজৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়।
উক্ত সভাতে বিপুল হাজৰিকাক সভাপতি, হৰেণ হাজৰিকাক উপ- সভাপতি, শৰৎ বৰাক সাধাৰণ সম্পাদক, অৰুণ মুক্তিয়াৰ, ধৰণী তামুলী,দিলীপ কাকতি আৰু প্ৰবীণ ভূঞাক সহ সম্পাদক হিচাপে লৈ কলিয়াবৰ আঞ্চলিক সমাজৰ নৱ নিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। দ্বিতীয় দিনা বৰগীত, ঘোষা আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়।
প্ৰতিযোগিতা উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী তথা শিল্পী শ্বাৱন কুমাৰ মহন্তই। তৃতীয় দিনা দিনৰ ভাগত নাম প্রসঙ্গ অনুষ্ঠানেৰে উৎসৱৰ সামৰণি পেলোৱা হয়। উল্লেখ্য যে¸ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা চতিয়াল বৰ নামঘৰ প্ৰাঙ্গণত ভক্তপ্ৰাণ ৰাইজে লোকে লোকাৰণ্য হৈ পৰা দেখা যায়।
ইফালে যোৱা বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ উদ্যোগত, সত্রীয়া কৃষ্টি কেন্দ্র, সমন্বিত যুৱতীৰ্থ কলিয়াবৰ জিলা সমিতি আৰু সতী ৰাধিকা মহিলা তীৰ্থৰ সহযোগতো শ্ৰীশ্ৰীৰূপনাৰায়ণ গোনামৰা সত্ৰস্থিত সত্রীয়া কৃষ্টি কেন্দ্ৰৰ নাটঘৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৭ সংখ্যক আৰ্বিভাৱ মহোৎসৱভাগ উদযাপন কৰে । কলিয়াবৰৰ বৈদিক সমাজৰ দ্বাৰা সোন্দঁৰ গাওঁ নামঘৰত অনুষ্ঠিত কৰা হয় ৫৭৭ সংখ্যক গুৰুজনাৰ জন্মোৎসৱ ভাগি।
ইফালে এক শৰণ ভাগৱতী সমাজ কলিয়াবৰ জিলা সমিতিয়েও ইয়াৰ নিজ চিলাবন্ধা নামঘৰ প্ৰাঙ্গণত উৎসৱ ভাগি উদযাপন কৰে ।