মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথলৈ হঠাৎ কি চিঠি সুমিত্ৰা মহাজনৰ… 

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথলৈ হঠাৎ কি চিঠি সুমিত্ৰা মহাজনৰ… 

author-image
asomiyapratidin
New Update
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথলৈ হঠাৎ কি চিঠি সুমিত্ৰা মহাজনৰ… 

ডিজিটেল ডেস্কঃ লোকসভা অধ্যক্ষ তথা ইন্দোৰৰ বিজেপি সাংসদ সুস্মিতা মহাজনে শনিবাৰে এক পত্ৰ প্ৰেৰণ কৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথলৈ। পত্ৰখনত তেওঁ লোকসভা নিৰ্বাচনক লৈ জাৰি কৰা আচৰণ বিধি সন্দৰ্ভত কিছু কথা উল্লেখ কৰিছে। তেওঁ লিখিছে- 'আগন্তুক লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি ১০মাৰ্চ, ২০১৯ৰ পৰা আচৰণ বিধি জাৰি কৰিছে। আৰু মই সেই দিনটোৰ পৰাই চৰকাৰী বাহনৰ ব্যৱহাৰ বন্ধ কৰিছো।'

মহাজনে লগতে লিখিছে- 'যিহেতু এতিয়াও মই লোকসভা অধ্যক্ষৰ দায়িত্বত আছো, সেয়েহে চৰকাৰৰ বাহন আৰু আৰক্ষীৰ বাহন মোৰ সৈতে যায়। মই আপোনাক জনাবলৈ বিচাৰো যে, মোক চৰকাৰৰ বাহন বা সুৰক্ষাকৰ্মীৰ প্ৰয়োজন বিশেষ নাই। যিহেতু ইন্দোৰ এখন শান্ত আৰু সুৰক্ষিত চহৰ, সেয়ে মই এইবোৰ নিবিচাৰো।'

আৰু লিখিছে- 'মই জানো বৰ্তমানলৈ মোৰ প্ৰাৰ্থিত্ব ঘোষণা হোৱা নাই আৰু নিৰ্বাচনী প-পত্ৰ মই জমা দিয়া নাই। তথাপিও মই জনাও যে মই প্ৰ'ট'কল এইবোৰ সুবিধা ত্যাগ কৰিলো।'