/asomiyapratidin/media/media_files/2026/03/05/whatsapp-image-2026-03-05-21-12-38.jpeg)
ডিজিটেল ডেস্কঃ কাৰ্বি আংলঙ জিলাৰ চোকিহোলা অঞ্চলৰ নিলিপ ব্লকৰ এটা দূৰ্গম পাহাৰীয়া এলেকাত বৃহস্পতিবাৰে সন্ধিয়া এখন যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। প্ৰাথমিক খবৰ অনুসৰি, বিমানখন যোৰহাটৰ পৰা উৰা মৰা Sukhoi Su-30MKI যুঁজাৰু বিমান হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। আজি সন্ধিয়া প্ৰায় ৭.৪২ বজাত যুদ্ধবিমানখন ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত নিখোজ হোৱা বুলি জানিব পৰা গৈছে।
স্থানীয় ৰাইজে জনোৱা মতে, সন্ধিয়া প্ৰায় ৭ বজাত অঞ্চলটোৰ এটা ওখ পাহাৰৰ দিশৰ পৰা প্ৰচণ্ড বিস্ফোৰণ সদৃশ শব্দ শুনা যায়। শব্দটো ইমানেই জোৰেৰে হৈছিল যে আশে-পাশে থকা গাঁওসমূহত আতংক বিয়পি পৰে।
প্ৰত্যক্ষদৰ্শীৰ মতে, বিস্ফোৰণৰ শব্দ পাহাৰত প্ৰতিধ্বনিত হৈ সমগ্ৰ অঞ্চলটো কঁপাই তোলে। বিস্ফোৰণ সদৃশ শব্দটো শুনাৰ কিছু সময় পিছতেই পাহাৰৰ দিশৰ পৰা ধোঁৱা উঠা দেখা গৈছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। অৱশ্যে ঘটনাটোৰ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
সন্দেহ কৰা দুৰ্ঘটনাটো জনবসতিপূৰ্ণ এলেকাৰ পৰা বহু দূৰত অৱস্থিত হোৱাৰ বাবে স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনাস্থলীত উপনীত হ’ব নোৱাৰিব বুলি জানিবলৈ দিছে। ইতিমধ্যে নিৰাপত্তা বাহিনী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।
আনহাতে, বিমানখনৰ পাইলট বা বিমানখনৰ অৱস্থাৰ বিষয়ে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ পোৱা নাই। ঘটনাটোৰ সঠিক সত্যতা নিশ্চিত কৰাৰ বাবে কৰ্তৃপক্ষই তদন্ত অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us