/asomiyapratidin/media/media_files/2025/11/28/2-2025-11-28-15-26-36.jpg)
ডিজিটেল ডেস্কঃ অসমৰ শিক্ষাক্ষেত্ৰৰ বাবে আজি দিনটো এক ঐতিহাসিক দিন। আজি অসম বিধানসভাত চাও-লুং ছ্যু-কা-ফা বিশ্ববিদ্যালয়ৰ বিধেয়ক গৃহীত হোৱাৰ লগে লগে ৰাজ্যৰ শিক্ষাক্ষেত্ৰ এক নতুন উচ্চ শিক্ষাৰ ক্ষেত্ৰত এখোজ আগুৱাইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/whatsapp-image-2025-11-28-15-19-14.jpeg)
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকৰ সময়ত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বিশ্ববিদ্যালয় স্থাপনৰ বিভিন্ন গুৰুত্বপূর্ণ ধাপ আৰু সম্পূৰ্ণ আৰ্হিৰ বিষয়সমূহ বিৱৰণ দিয়া তথ্য প্ৰকাশ কৰিছিল। চাও-লুং ছ্যু-কা-ফা বিশ্ববিদ্যালয় অসমীয়া সভ্যতা, ঐতিহ্য, সমন্বয় আৰু জাতীয় পৰিচয়ৰ সমন্বয়েৰে গঢ়ি উঠা এটা বিশ্বমানৰ শিক্ষা-গৱেষণা কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউত বিশ্ববিদ্যালয় স্থাপন ইতিহাসৰ পুনৰাবৃত্তি ঘটিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/images-2-2025-11-28-15-22-01.jpeg)
প্ৰাণিধানযোগ্য যে, বিশ্ববিদ্যালয়ৰ মুখ্য দৃষ্টি আকৰ্ষণীয় দিশসমূহ হৈছে - অসমীয়া সভ্যতা, ইতিহাস আৰু সংস্কৃতিৰ বিশ্বমানৰ গৱেষণা। ইপিনে বিজ্ঞান–প্ৰযুক্তি, উদ্ভাৱন, AI-ভিত্তিক শিক্ষা, স্কিল ডেভেলপমেন্ট।আঞ্চলিক সম্পদ, কৃষি, পৰ্যটন আৰু জৈৱ-বৈচিত্ৰ্যৰ ওপৰত বিশেষ Academic Research। দক্ষিণ–পূৰ্ব এছিয়াৰ দেশসমূহৰ সৈতে শিক্ষাগত–সাংস্কৃতিক বিনিময়। "Act East Policy" ৰ সফল বাস্তবায়নৰ বাবে এক নতুন কেন্দ্র।IIT/IIM মানদণ্ডৰ আধুনিক পৰিকল্পনাৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ বিকাশৰ বিকাশৰ সম্ভাৱনা কৰিছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/whatsapp-image-2025-11-28-15-22-33.jpeg)
তাৰোপৰি এই বিশ্ববিদ্যালয় স্থাপনে অসমৰ নতুন প্ৰজন্মৰ বাবে বিশ্বমানৰ শিক্ষাৰ নতুন পথ মুকলি হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী লৈ এই ঐতিহাসিক পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। লগতে“বৰলুইত একাডেমিক ট্ৰাষ্ট ফাউণ্ডেছন” আৰু বিভিন্ন জাতীয় সংগঠন তথা স্থানীয় ৰাইজকো বিশ্ববিদ্যালয় স্থাপন প্ৰচেষ্টাত অগ্ৰণী ভূমিকা পালনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/sukafa-2025-11-28-15-22-55.jpg)
আনফালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মন্তব্য কৰা মতে- চাও-লুং ছ্যু-কা-ফা বিশ্ববিদ্যালয় হ'ব। অসমৰ ঐতিহ্য আৰু আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ মিলনক্ষেত্ৰ, আৰু ভৱিষ্যৎ প্ৰজন্মৰ শিক্ষাৰ নতুন দিগন্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us