অৰুণাচল প্ৰদেশত আত্মহননৰ ঘটনাই তোলপাৰ লগাইছে সামাজিক মাধ্যম

বুধবাৰে নিশা নাহৰলগুনৰ ওচৰৰ লেখি বস্তিত এজন ১৯ বছৰীয়া যুৱকে চিপ লৈ আত্মহত্যা কৰিছিল। গমছু য়েকাৰ নামৰ এই যুৱকজনক যোৱা জুনত এক জালিয়াতিৰ গোচৰত ইটানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। 

author-image
Asomiya Pratidin
New Update
44

ডিজিটেল সংবাদ, ইটানগৰ : বুধবাৰে নিশা নাহৰলগুনৰ ওচৰৰ লেখি বস্তিত এজন ১৯ বছৰীয়া যুৱকে চিপ লৈ আত্মহত্যা কৰিছিল। গমছু য়েকাৰ নামৰ এই যুৱকজনক যোৱা জুনত এক জালিয়াতিৰ গোচৰত ইটানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। 

সেই সময়ৰ ইটানগৰৰ জিলা উপায়ুক্ত আই এছ এছ বিষয়া টালো পটমৰ আশীষধন্য যুৱকজনে দণ্ডাধীশৰ বেশ ধৰি বিভিন্ন স্থানত তালাচী চলাই ৭লাখৰো অধিক ধন সংগ্ৰহ কৰিছিল আৰু শেষত ধৰা পৰিছিল। যুৱকজনে আনকি উপায়ুক্তগৰাকীৰ স্বাক্ষৰ সম্বলিত পত্ৰ লৈ লগত আৰক্ষীৰ দল লৈ তালাচী অভিযান চলাইছিল। 

জামিনত ওলাই অহা যুৱকজনে বুধবাৰে আত্মহত্যা কৰাৰ পূৰ্বে লিখা কেইবাখনো চুইচাইড নোটত আই এছ এছ বিষয়া টালো পটমৰ লগতে ৰুৰেল ৱৰ্কছ ডিপাৰ্টমেন্টৰ এজন কাৰ্যবাহী অভিযন্তা লিকৱাং ল'ৱাঙৰ বাবেই আত্মহত্যা কৰিবলৈ বাধ্য হ'ল বুলি লিখি থৈ গৈছিল। দুয়োজন বিষয়াই য়েকাৰক বিত্তীয় প্ৰতাৰণা কৰাৰ লগতে যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ আনে। 

য়েকাৰৰ পৰিয়ালে এই বিষয়ে নিৰজুলি থানাত এজাহাৰ দিছে। সংবাদ মাধ্যমত এই বাতৰি প্ৰচাৰ হোৱাৰ পাছত যোৱা নিশা টিৰাপ জিলাৰ খুনচাত থকা নিজ বাসভৱনত কাৰ্যবাহী অভিযন্তা লিকৱাং ল'ৱাঙে মুৰত পিষ্টলৰে গুলিয়াই আত্মহত্যা কৰে। 

উল্লেখ্য যে যুৱকজনে নিজৰ চুইচাইড নোটত এইছ আই ভিৰ ৰোগত আক্ৰান্ত বুলি প্ৰকাশ কৰিছে আৰু ইয়াৰ বাবে বিষয়া দুজনকে জগৰীয়া কৰিছিল। আই এছ এছ বিষয়া টালো পটম সম্প্ৰতি দিল্লীৰ লোক নিৰ্মাণ বিভাগত কৰ্মৰত হৈ আছে। 

ঘটনা সন্দৰ্ভত টালো পটমৰ প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই। এই দুয়োটা ঘটনাই অৰুণাচল প্ৰদেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অৰুণাচল প্ৰদেশ