ধুবুৰীত এছইউচিআই (কমিউনিষ্ট)ৰ বিক্ষোভ প্ৰদৰ্শন, জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান

আজি এছ ইউ চি আই (কমিউনিষ্ট) ধুবুৰীৰ স্থানীয় কমিটিৰ আহ্বানত এছ ইউ চি আই (কমিউনিষ্ট)ৰ কৰ্ম-কৰ্তা সকলে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

author-image
Asomiya Pratidin
New Update
dsdsdsdsd

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী চহৰৰ পাথৰ ঘাটৰ পৰা গৌৰীপুৰলৈ বিকল্প পথ নিৰ্মাণ কৰা, ৰাজ্যৰাণী এক্সপ্ৰেছ ৰে'লখন প্রতিদিনে ধুবুৰীৰ পৰা চলাচলৰ ব্যৱস্থা কৰা, ধুবুৰী চহৰৰ তিনিও ফালে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা ফেৰী ঘাট সমূহৰ আধুনিকীকৰণ কৰা আৰু চহৰ খনৰ সেনপাৰাত এখন উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ দাবীত আজি এছ ইউ চি আই (কমিউনিষ্ট) ধুবুৰীৰ স্থানীয় কমিটিৰ আহ্বানত এছ ইউ চি আই (কমিউনিষ্ট)ৰ কৰ্ম-কৰ্তা সকলে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

এছ ইউ চি আই (কমিউনিষ্ট) ৰ ধুবুৰী জিলা সমিতিৰ সম্পাদক হবিবৰ ৰহমানে উল্লেখ কৰে যে, স্বাধীনতাৰ পিছৰ পৰা কোনো এখন চৰকাৰেই ধুবুৰী চহৰৰ উন্নয়নৰ বাবে চকু দিয়া পৰিলক্ষিত নহ'ল। ধুবুৰী চহৰত প্ৰৱেশ কৰাৰ একমাত্ৰ পথছোৱাই হ'ল গুৰু টেগ বাহাদুৰ পথ। এই পথৰ কাষতেই স্থাপিত হৈছে হেপী কনভেন্ট স্কুল। এই স্কুলখনৰ সন্মুখত সকলো সময়তে যানজঁট লাগিয়েই থাকে। গুৰু টেগ বাহাদুৰ পথটো প্রয়োজন অনুপাতে আহল-বহল নোহোৱাৰ বাবেই যানজঁট সৃষ্টি হোৱাৰ অন্যতম কাৰণ বুলি তেওঁ কয়।

এই মূহুৰ্তত ধুবুৰী চহৰত বিকল্প ৰাস্তা এটা অতিকৈ জৰুৰী বুলি উল্লেখ কৰি চহৰ খনৰ পাথৰ ঘাটৰ পৰা ফলিমাৰী হৈ গৌৰীপুৰ লৈকে ৰাস্তা এটা নিৰ্মাণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত প্ৰস্তাৱ আছে যদিও সেয়া এতিয়াও কাৰ্যকৰী হোৱা নাই বুলি তেওঁ মন্তব্য কৰে। অবিলম্বে এই প্ৰস্তাৱিত ৰাস্তাখন নিৰ্মাণ কৰি ধুবুৰী চহৰৰ যান জঁটৰ সমস্যা সমাধান কৰাৰ বাবে তেওঁ দাবী জনায়। 

আনহাতে, বৰ্তমানে ধুবুৰী-শিলঘাট ৰাজ্যৰাণী এক্সপ্ৰেছ ৰে'লখন সপ্তাহত তিনিদিন ধুবুৰীৰ পৰা শিলঘাট লৈ চলাচল কৰি আছে যদিও জিলাবাসীৰ প্ৰয়োজন এই এক্সপ্ৰেছ ৰে'ল খনে পূৰাব পৰা নাই। বর্তমানে ধুবুৰীৰ পৰা গুৱাহাটী লৈকে চলি থকা যাত্রীবাহী ৰে'লখনতো যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। ইফালে, এই যাত্রীবাহী ৰে'লখন ৰাতিপুৱা ধুবুৰীৰ পৰা এৰে আৰু গুৱাহাটী পাওঁতে পাওঁতে আবেলি হয়। ইয়াৰ বাবে ৰাইজে যথেষ্ট অসুবিধাৰ সম্মুখীন হ'ব লগা হৈছে।

সাধাৰণ ৰাইজৰ অফিচ-আদালতৰ কাম-কাজৰ বাবে ৰাজ্যৰ ৰাজধানী গুৱাহাটী লৈ যাবৰ বাবে প্ৰতিদিন সন্ধিয়াৰ ভাগত ধুবুৰীৰ পৰা এখন ৰে'ল চলাচল কৰাৰ বাবে এছইউচি আই(কমিউনিষ্ট)ৰ ধুবুৰী জিলা কমিটীয়ে অসম চৰকাৰ আৰু ৰেল বিভাগৰ ওচৰত দাবী জনাইছে। এই ক্ষেত্ৰত ধুবুৰী-শিলঘাট ৰাজ্যৰাণী এক্সপ্ৰেছখন প্রতিদিন সন্ধিয়া ধুবুৰীৰ পৰা গুৱাহাটীলৈ অহা-যোৱা কৰিলে জিলা বাসীয়ে কিছু পৰিমাণে সকাহ পালেহেঁতেন বুলি মন্তব্য কৰে এছ ইউ চি আই (কমিউনিষ্ট) ৰ ধুবুৰী জিলা সমিতি ৰ সম্পাদক হবিবৰ ৰহমানে।

ইফালে, ধুবুৰী চহৰৰ তিনিওফালে বিভিন্ন নদীঘাট অৱস্থিত হৈ আছে বুলি কৈ ধুবুৰী জিলা সমিতিৰ সম্পাদক হবিবৰ ৰহমানে কয় দক্ষিণপাৰ তথা চৰ অঞ্চলৰ হেজাৰ-হেজাৰ ৰাইজে ব্যৱসায়-বাণিজ্য, অফিচ -আদালতত কাম কৰিবৰ বাবে যাত্ৰীবাহী নাৱ বা লঞ্চেৰে নদী পথেৰে প্ৰতিদিন ধুবুৰীলৈ অহা-যোৱা কৰে। এক ফুট বহল এটা কাঠৰ ফালিৰ ওপৰেদি প্ৰাণটো হাতত লৈ যাত্ৰী সকলে নাও বা  লঞ্চত উঠা-নমা কৰি আছে। মাজে সময়ে এনেদৰে অহা-যোৱা কৰোতে দুর্ঘটনাও ঘটে। পৰিতাপৰ বিষয় যে কোনো এখনচৰকাৰে নাও বা লঞ্চত যাত্ৰী সকলৰ উঠা-নমাৰ ক্ষেত্ৰত সূচল হোৱা কৈ এই ঘাটবোৰ আধুনিকীকৰণ কৰা নাই বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে।

তদুপৰি ধুবুৰী চহৰৰ সেন পাৰাত ৰেল লাইনৰ ক্ৰছিঙৰ বাবেও যানজঁটে এক ভয়াৱহ ৰূপ লৈছে। ইয়াৰ বাবে এছ ইউ চি আই (কমিউনিষ্ট)ৰ ধুবুৰী জিলা কমিটীয়ে ধুবুৰীৰ সেন পাৰাত এখন উৰণীয়া সেঁতু অবিলম্বে নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰে। আনপিনে ধুবুৰী চহৰৰ উক্ত জ্বলন্ত সমস্যা সমূহৰ শীঘ্ৰে সমাধানৰ দাবীত এছ ইউ চি আই (কমিউনিষ্ট)ৰ ধুবুৰী জিলা কমিটীয়ে ধুবুৰী জিলা আয়ুক্তক চাৰি দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

ধুবুৰী