/asomiyapratidin/media/media_files/2025/09/25/iujjd-2025-09-25-11-52-45.jpg)
ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা ক্ষেত্ৰত আৰু এখোজ আগুৱালে ভাৰত। ভাৰতৰ এই শক্তি দেখি এতিয়া থৰ থৰকৈ কপিঁছে পাকিস্তান। এতিয়াৰে পৰা ভাৰতে চলন্ত ৰে'লৰ পৰাও নিক্ষেপ কৰিব পাৰিব মিছাইল। ভাৰতীয় ৰেলৱে আৰু ভাৰতীয় সেনাই যুটীয়াভাৱে এই সফল পৰীক্ষণ সম্পন্ন কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/25/g1qtuydweaaluzz-2025-09-25-11-58-46.jpg)
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছে। তেওঁ কয় যে, ভাৰত প্ৰতিৰক্ষা দিশত আৰু অধিক সবল তথা শক্তিশালী হ'ল। শেহতীয়াকৈ ভাৰতীয় সেনাই ৰেলত সংস্থাপন কৰা মিছাইলৰ সফলৰ পৰীক্ষণ সম্পন্ন হৈছে। এই মিছাইলে ২০০০কিলোমিটাৰ নিলগত থকা লক্ষ্যভেদ কৰিবলৈ সক্ষম হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/25/c69c88c4-b3ca-46d5-987d-86a6e58d3947-2025-09-25-11-59-23.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, ৰেলত সংস্থাপন কৰা এই অগ্নি প্ৰাইম মিছাইল যথেষ্ট শক্তিশালী। পূৰ্বে এই মিছাইল সীমান্তৰ ভিন্ন স্থানলৈ নিয়াৰ বাবে অসুবিধাৰ সন্মুখীন হৈছিল। যাৰ বাবে ভাৰতীয় ৰেলৱে আৰু ডি আৰ ডি অয়ে মিলি এই প্ৰযুক্তি উদ্ভাৱন কৰে। এতিয়া এই শক্তিশালী মিছাইলবিধক ৰেলৰ জৰিয়তে যিকোনো স্থানলৈ নিয়াতো অতি সহজ হৈ পৰিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us