ভাৰতীয় বায়ু সেনাৰ ইন্টিগ্ৰেটেড এয়াৰ ডিফেন্স ৱেপন চিষ্টেমৰ সফল পৰীক্ষণ

ভাৰতীয় বায়ু সেনাই আকাশমাৰ্গৰ প্ৰতিৰক্ষা ক্ষমতাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দেওবাৰে ইন্টিগ্ৰেটেড এয়াৰ ডিফেন্স ৱেপন চিষ্টেম চমুকৈ আই এ ডি ডব্লিউ এছৰ প্ৰথম উৰণ পৰীক্ষাৰ ধাৰাবাহিকতা সফলতাৰে সম্পন্ন কৰে

author-image
Asomiya Pratidin
New Update
177

ডিজিটেল ডেস্ক : দেশৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে আন এক সুখবৰ। নিৰাপত্তা দিশত আৰু এখোজ আগবাঢ়িলে ভাৰতে। ভাৰতীয় বায়ু সেনাই আকাশমাৰ্গৰ প্ৰতিৰক্ষা ক্ষমতাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দেওবাৰে ইন্টিগ্ৰেটেড এয়াৰ ডিফেন্স ৱেপন চিষ্টেম চমুকৈ আই এ ডি ডব্লিউ এছৰ প্ৰথম উৰণ পৰীক্ষাৰ ধাৰাবাহিকতা সফলতাৰে সম্পন্ন কৰে। 

Advertisment

ওড়িশাৰ উপকূলত কৰা এই পৰীক্ষাসমূহে ভাৰতৰ বিমান প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নতুন মাত্ৰ প্ৰদান কৰিব। শেহতীয়াকৈ পাকিস্তানৰ সৈতে হোৱা সংঘাতৰ সময়ত সফলতা প্ৰদৰ্শন কৰিছিল এই ব্যৱস্থাই। এই ব্যৱস্থাটোৰ অন্যতম সংযোজন হৈছে ৰাডাৰ আৰু চেন্সৰৰ শৃংখলৰ জৰিয়তে নিৰৱচ্ছিন্নভাৱে সংযুক্ত হৈ আকাশৰ ভাবুকিসমূহক প্ৰতিহত আৰু নিষ্ক্ৰিয় কৰিব।

আইএডিডব্লিউএছ হৈছে থলুৱা কুইক ৰিয়েকচন ছাৰ্ফেচ-টু-এয়াৰ মিছাইল (কিউআৰএছএএম), এডভান্সড ভেৰী শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স চিষ্টেম (ভিএছঅ’ৰাডছ) মিছাইল আৰু উচ্চ শক্তিৰ লেজাৰ ভিত্তিক ডাইৰেক্টেড এনাৰ্জি ৱেপন (ডিইডব্লিউ)ৰে গঠিত বহুস্তৰীয় প্ৰতিৰক্ষা ব্যৱস্থা।

বায়ু সেনা