শ্ৰীভূমিত আৰক্ষীৰ সফল অভিযান

শ্রীভূমিত ড্ৰাগছ বিৰোধী অভিযান চলাই পুনৰ সাফল্য লাভ কৰিছে আৰক্ষীয়ে। এই অভিযানত জব্দ কৰিছে ৩৭টা কাৰ্টুনসহ ৫৫০০বটল কফ ছিৰাপ।

author-image
Asomiya Pratidin
New Update
117

ডিজিটেল সংবাদ, শ্ৰীভূমি : শ্রীভূমিত ড্ৰাগছ বিৰোধী অভিযান চলাই পুনৰ সাফল্য লাভ কৰিছে আৰক্ষীয়ে। এই অভিযানত জব্দ কৰিছে ৩৭টা কাৰ্টুনসহ ৫৫০০বটল কফ ছিৰাপ। শ্ৰীভূমি চহৰ সংলগ্ন মোবাৰকপুৰ এলেকাত চলিছিল আৰক্ষীৰ এই অভিযান।

গোপন সূত্ৰৰ পমখেদি অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ কফ চিৰাপসহ‌ আটক কৰে হয় এজন যুৱকক । শ্ৰীভূমিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মোবাৰকপুৰ এলেকাত আৰক্ষীয়ে অভিযান চলাই TR 01 AR 1848 নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ হয় বুজন পৰিমাণৰ নিষিদ্ধ কফ চিৰাফ।

এই নিষিদ্ধ কফ চিৰাফ সৰবৰাহৰ সৈতে জড়িত ট্ৰাকৰ চালক মোবাৰক উল্লাহ চৌধুৰী নামৰ‌ যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত মোবাৰক উল্লাহ'ৰ ঘৰ কাছাৰ জিলাৰ পাচগ্ৰাম এলেকাত বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ পৰা বিভিন্ন সামগ্ৰী লৈ প্ৰথম পৰ্যায়ত শ্ৰীভূমি চহৰত আধা ট্ৰাক সামগ্ৰী খালী কৰা হৈছিল। পিছে বদৰপুৰ উভতি যোৱাৰ সময়ত আৰক্ষীৰ তালাচীত ট্ৰাকৰ পৰা উদ্ধাৰ হয় ৩৭ কাৰ্টুন নিষিদ্ধ কফ চিৰাফ।

জব্দ হোৱা কফ ছিৰাপৰ মূল্য কেইবা লাখ টকা হ'ব। ধৃত ব্যক্তিগৰাকীক অব্যাহত ৰাখিছে মাৰাথান জেৰা।

শ্ৰীভূমি