/asomiyapratidin/media/media_files/2025/10/17/546-2025-10-17-17-26-18.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : বিশ্বনাথ, মাজুলী আৰু লখিমপুৰ আৰক্ষীয়ে সফলতাৰে চলোৱা যৌথ অভিযানত শুকুৰবাৰে গ্ৰেপ্তাৰ হয় তিনিটাকৈ দুধৰ্ষ গঁড় চিকাৰী। ধৃত গঁড় চিকাৰী তিনিটা হৈছে বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এক নং ৱাৰ্ড ধেনুধৰা নিবাসী পেৰুৱা পেগুৰ পুত্ৰ মুহিকান্ত পেগু(৩৯),মাজুলী জিলাৰ গড়মুৰ আৰক্ষী থানাৰ অন্তৰ্গত এক নং মিছামৰা নিবাসী প্ৰতাপ পাথাৰিৰ পুত্ৰ মনোজ পাথাৰি(৩৮) আৰু উক্ত থানাৰ অন্তৰ্গত উখল চুক নিবাসী যুগল পেগুৰ পুত্ৰ কিৰন পেগু(৪১)।
তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নতুন ধন্দী নিবাসী পেৰুৱা পেগুৰ পলাতক অৱস্থাত থকা পুত্ৰ দেৱজিৎ পেগুৰ ঘৰৰ পৰা ০.৩০৩ ৰাইফল আৰু ৯ জাঁই ৭০ এম এম ১২ বৰ' কাৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ অভিযানকাৰী দলটোৱে। উক্ত তিনি গড় চিকাৰীয়ে গঁড় চিকাৰৰ বাবে কৌশল তৈয়াৰ কৰি থকাৰ সময়তে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয়।
বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) দেৱৰ্শী চৌধুৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) অমিত কুমাৰ হোজাই আৰু গহপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ লহকৰৰ নেতৃত্বত চলিছিল উক্ত অভিযান। উক্ত অভিযানত মাজুলী আৰু লখিমপুৰ আৰক্ষীৰ উপৰিও গহপুৰ আৰক্ষী থানাৰ লগতে নাৰায়ণপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে সহযোগিতা আগবঢ়াইছিল।
ধৃত তিনি গঁড় চিকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) অমিত কুমাৰ হোজাইৰ নেতৃত্বত জেৰা অব্যাহত আছে।