/asomiyapratidin/media/media_files/2025/10/18/2-2025-10-18-19-54-18.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰখা হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত শনিবাৰে বিয়লি প্ৰায় ৩-০০ বজাত চলোৱা এক অভিযানত উদ্ধাৰ হয় কেইবাখনো চুৰি হোৱা স্কুটি আৰু মটৰ চাইকেল। লগতে গ্ৰেপ্তাৰ হয় দুজন গভাইত চোৰ।
এক নিৰ্ভৰযোগ্য সুত্ৰৰ পমখেদি আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত বাইক চোৰৰ বিৰূদ্ধে নিৰ্মলা চাহ বাগিচাৰ এলেকাত চলোৱা হৈছিল এক অভিযান। উক্ত অভিযানত গ্ৰেপ্তাৰ হয় দুজন গভাইত বাইক চোৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/18/whatsapp-im-2025-10-18-19-56-01.jpeg)
ধৃত চোৰ দুটা হৈছে গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিগাঁও নিবাসী ছৈকান্ত মিলিৰ পুত্ৰ ৰাকেশ মিলি(১৮) আৰু হোলেংগী নিবাসী আপুন বসুমতাৰীৰ পুত্ৰ নানু বসুমতাৰী(১৮)। ধৃত চোৰ দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত এএছ ০৪ এ ই ২৮১৩,এএচ ০৭ আৰ ৪৩২৫ আৰু এআৰ ০১ এম ৩৬৬৩ পঞ্জীয়ন নম্বৰৰ তিনিখন চুৰি কৰি নিয়া টিভিএচ এন্ট্ৰক কোম্পানীৰ স্কুটীৰ লগতে এ এচ ১২ এ কে ৯০৬২ নম্বৰৰ এখন চুৰি পালছাৰ ২২০ ডিটিএছ বাইক লুকুৱাই থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/18/whatsa-2025-10-18-19-56-15.jpeg)
ধৃত বাইক চোৰ কেইটাৰ বিৰুদ্ধে হেলেম আৰক্ষীয়ে যাবতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উদ্ধাৰ হোৱা স্কুটি আৰু বাইক চাৰিখন জব্দ কৰিছে। আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত চলা এই সফল অভিযানক শলাগ লৈছে অঞ্চলটোৰ সচেতন ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us