ধেমাজি জিলা সমগ্ৰ শিক্ষাৰ শিক্ষণ শিকন সঁজুলিৰ প্ৰদৰ্শন প্ৰতিযোগিতাৰ সফল সামৰণি

শিক্ষাৰ্থীসকলক পাঠ ভিত্তিত উপযুক্ত শিক্ষণ সঁজুলি ব্যৱহাৰে কৌতুহল নিবৃত্তি কৰি পাঠৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিবলৈ সুযোগ দিব পাৰিলেহে এগৰাকী শিক্ষকৰ শিক্ষণ শিকন সঁজুলিৰ প্ৰস্তুত আৰু ব্যৱহাৰত সফলতা অহাটো সম্ভৱ"

author-image
Asomiya Pratidin
New Update
372

ডিজিটেল সংবাদ, ঢকুৱাখনা : "শিক্ষাৰ্থীসকলক পাঠ ভিত্তিত উপযুক্ত শিক্ষণ সঁজুলি ব্যৱহাৰে কৌতুহল নিবৃত্তি কৰি পাঠৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিবলৈ সুযোগ দিব পাৰিলেহে এগৰাকী শিক্ষকৰ শিক্ষণ শিকন সঁজুলিৰ প্ৰস্তুত আৰু ব্যৱহাৰত সফলতা অহাটো সম্ভৱ"- এই মন্তব্য ধেমাজি জিলাৰ উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাৰ ।

ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে সমগ্ৰ শিক্ষা , ধেমাজি জিলাৰ শিক্ষণ শিকন সঁজুলিৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰি  উন্নয়ন আয়ুক্ত  বৰাই প্ৰতিযোগীসকলক উদ্দেশ্যি এনেদৰে আহ্বান ৰাখে । সোমবাৰে পুৱা ৯-৪৫  বজাত বন্তি প্ৰজ্বলন আৰু অভিনন্দন বাৰ্তাৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনিত জিলা অতিৰিক্ত আয়ুক্ত (শিক্ষা) কুলদীপ হাজৰিকাই শিক্ষণ সঁজুলিয়ে শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰি পাঠৰ বিষয়বস্তু আহৰণ কৰাত সহজ হয় বুলি মন্তব্য কৰি এনে ক্ষেত্ৰত প্ৰতিযোগী শিক্ষক শিক্ষয়িত্ৰীসকলে অকল প্ৰতিযোগিতাৰ মনোভাৱেৰে শিক্ষণ সঁজুলি প্ৰস্তুত নকৰি ইয়াক শ্ৰেণীকোঠাত প্ৰয়োগ কৰিব পাৰিলেহে ইস্পিত উদ্দেশ্যত উপনীত হবলৈ সক্ষম হব বুলি কয়।  

WhatsApp Image 2025-12-02 at 2.55.39 PM

ধেমাজি জিলাৰ তিনিটা শিক্ষাখণ্ড ক্ৰমে ধেমাজি, বৰদলনি আৰু মূৰ্কংচেলেকৰ  সাক্ষৰতা আৰু  সাংখ্যিকতাৰ পৰা নিৰ্বাচিত মুঠ ১৮খন  বিদ্যালয়ে  প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অতি  সহজে আয়ত্ব কৰিব পৰাকৈ স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ, গণিত আৰু বিজ্ঞানৰ সাংকেতিক ব্যৱহাৰ, শব্দ-বৰ্ণমালাৰ সবলীকৰণ আদি বিষয়ত শিক্ষণ সঁজুলি প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । এক সুন্দৰ শৈক্ষিক পৰিৱেশত  অনুষ্ঠিত কঠিন আৰু  জটিল প্ৰতিযোগিতাখনিত বিচাৰক হিচাপে ক্ৰমে লখিমপুৰ জিলা শিক্ষা প্ৰশিক্ষন প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰৱক্তা কৰুণাকান্ত হাজৰিকা, ধেমাজি জিলা শিক্ষা প্ৰশিক্ষন প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰৱক্তাদ্বয় ক্ৰমে ভুৱনেশ্বৰ ইংতি আৰু  জুৰীস্মৃতা শ্যামৰ লগতে ডিব্ৰুগড় জিলাৰ খণ্ড সমল ব্যক্তি মঞ্জু কালোৱাৰ উপস্থিত থাকে ।

বিচাৰকসকলৰ নিখুঁত পৰ্যবেক্ষণৰ  অন্তত সাক্ষৰতা শিতানত ধেমাজি শিক্ষাখণ্ডৰ শালমাৰি প্ৰাথমিক বিদ্যালয়ে প্ৰথম স্থান , বৰদলনি শিক্ষা খণ্ডৰ ২নং ঘটাপৰা বালিদেউৰী প্ৰাথমিক বিদ্যালয়ে দ্বিতীয় স্থান , মূৰ্কংচেলেক শিক্ষা খণ্ডৰ ২নং মূৰ্কংচেলেক ফাৰ্ম বস্তি প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰে। ইয়াৰ লগতে বিচাৰকৰ বিশেষ বঁটা হিচাপে বৰদলনি শিক্ষা খণ্ডৰ ১নং কৈলাশপুৰ কছাৰী প্ৰাথমিক বিদ্যালয়ক নিৰ্বাচিত কৰি বঁটা প্ৰদান কৰা হয়। নিৰ্বাচিত প্ৰতিটো দলকে একোটাকৈ স্মাৰকসহ প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় ।

WhatsApp Image 2025-12-02 at 2.55.38 PM

আনহাতে সাংখ্যিকতাৰ ক্ষেত্ৰত বৰদলনি শিক্ষা খণ্ডৰ মিংমাং কায়ন বৰপথাৰ প্ৰাথমিক বিদ্যালয়ে প্ৰথম স্থান , মূৰ্কংচেলেক শিক্ষা খণ্ডৰ বৰতি ওখচাপৰি প্ৰাথমিক বিদ্যালয়ে দ্বিতীয় স্থান, ধেমাজি শিক্ষা খণ্ডৰ পাণবাৰী প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান দখল কৰাৰ লগতে বৰদলনি শিক্ষা খণ্ডৰ উত্তৰ নলবাৰী প্ৰাথমিক বিদ্যালয়ে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। ধেমাজি জিলাৰ জিলা শিক্ষা বিষয়া কবিতা ডেকাৰ তত্বাবধানত অনুষ্ঠিত প্ৰতিযোগিতাখনিত মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দ্বীপেন শইকীয়াক সমগ্ৰ শিক্ষা, ধেমাজি জিলাৰ শৈক্ষিক পৰিক্ৰমাত মহাবিদ্যালয়খনে সকলো ক্ষেত্ৰতে আগবঢ়োৱা সহযোগিতাৰ বাবে বিশেষ কৃতজ্ঞতা পত্ৰ প্ৰদান কৰা হয়  ।

জিলা ভিত্তিত আয়োজিত প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাখনিৰ সকলো দিশতে পৰামৰ্শ দিয়া জিলা আঁচনি বিষয়া ক্ৰমে  অৰুণিমা দুৱৰা, অৱনী নাথ, পংকজ বৰা, জিলা এফ. এল . এনৰ প্ৰালোচকদ্বয় ক্ৰমে ৰশ্মি দলে আৰু জীৱন জ্যোতি শইকীয়া, খণ্ড সমল ব্যক্তি কনক গগৈ, ৰূপশিখা গগৈ , প্ৰণতি দেৱীৰ লগতে কেইবাগৰাকী মণ্ডল  সমন্বয়ক উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখযোগ্য যে প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত দলসমূহে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'ব লগা  প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ অৰ্হতা আৰু সুযোগ লাভ কৰিব বুলি জনাইছে ।

ধেমাজি