/asomiyapratidin/media/media_files/2025/11/16/243-2025-11-16-23-43-58.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে কাৰ্বি আংলং জিলাতো বড়ো সাহিত্য সভাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে হাওৰাঘাট তিনি আলি, ডেনগাঁৱৰ পাণজুৰি, হাওৰাঘাট নগৰ আৰু দীঘলী আটিত একে দিনাই চাৰি ঠাইত অতি উলহ মালহেৰে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । ডেনগাঁৱৰ পাণজুৰিত কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত আৰু ডেনগাওঁ প্ৰাথমিক বড়ো সাহিত্য সভাৰ সহযোগত জিলা পৰ্যায়ত অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সভাপতি অৰবিন্দ উজীৰে ।
অনুষ্ঠানত অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি বিশ্বেশ্বৰ বসুমতাৰী, সাহিত্য অকাডেমি বঁটা প্ৰাপক ক্ৰমে ঋতু ৰাজ বসুমতাৰী, ৰত্নেশ্বৰ নাৰ্জাৰী, ড° প্ৰেমানন্দ মোছাহাৰী, থানেশ্বৰ গয়াৰী আদিয়ে । হাওৰাঘাট তিনি আলি প্ৰাথমিক বড়ো সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে সভাপতি গোপেন খাখলাৰীয়ে ।
অনুষ্ঠানত আঁত ধৰে সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে । অনুষ্ঠানত হাওৰাঘাট তিনি আলি আঞ্চলিক অগ্ৰণী বড়ো সংগঠনৰ বিষয় ববীয়াসকলে অংশগ্ৰহণ কৰে । হাওৰাঘাট নগৰত হাওৰাঘাট প্ৰাথমিক বড়ো সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসত কেইবাটাও অগ্ৰণী বড়ো সংগঠনৰ পৃথককে পৃথকে পতাকা উত্তোলন কৰা হয় ।
ইয়াৰ পিছতে প্ৰতিনিধি সভাৰ সভাগৃহৰ দ্বাৰ মুকলি কৰে প্ৰধান শিক্ষক অজিত বসুমতাৰীয়ে । প্ৰতিনিধি সভা উদ্বোধন কৰে যোগেন বাগলাৰীয়ে । আদৰণি ভাষণ দিয়ে ভৱানন্দ খাখলাৰীয়ে ।
ইপিনে দৈমা দৈচা প্ৰাথমিক বড়ো সাহিত্য সভাৰ উদ্যোগত দীঘলী আটি গাঁৱত অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে সভাপতি মহেশ্বৰ বড়োই । আতঁ ধৰে সম্পাদক সুভাষ বসুমতাৰীয়ে । এই অনুষ্ঠানৰ মুকলি সভাখন উদ্বোধন কৰে কাৰ্বি আংলং জিলা এবচুৰ উপ সভাপতি খৌদৌম বসুমতাৰীয়ে ।
মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে ৰুকাচেন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক লংকেশ্বৰ হাইনাৰীয়ে । মহেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক কৰুণা কান্ত বড়োকে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us