নগাঁৱত কৃষি সামগ্ৰী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সফল সামৰণি

একাংশ কৃষকে অধিক উৎপাদনৰ আশাত অত্যাধিক মাত্ৰাত ব্যৱহাৰ কৰিছে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য । ফলত এনে কাৰ্যই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। সেইবাবে কৃষি সামগ্ৰী ব্যৱসায়ীসকলৰ দায়িত্ব গুৰুত্বপূৰ্ণ। 

author-image
Asomiya Pratidin
New Update
303

ডিজিটেল সংবাদ, বটদ্ৰৱা : "একাংশ কৃষকে অধিক উৎপাদনৰ আশাত অত্যাধিক মাত্ৰাত ব্যৱহাৰ কৰিছে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য । ফলত এনে কাৰ্যই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। সেইবাবে কৃষি সামগ্ৰী ব্যৱসায়ীসকলৰ দায়িত্ব গুৰুত্বপূৰ্ণ। 

Advertisment

আপোনালোকে এইক্ষেত্ৰত বিষয়সমূহৰ প্ৰশিক্ষণ গ্ৰহণ কৰি কৃষকসকলক শুদ্ধ পৰামৰ্শ আৰু সহায় কৰিলে  জনস্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ উপযুক্ত ব্যৱহাৰ হ’ব। সমাজৰ উপকাৰ হ’ব"- এই মন্তব্য নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ। 

শুকুৰবাৰে অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা আয়োজিত "কৃষি সামগ্ৰী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচী"ৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি তেওঁ এই মন্তব্য প্ৰদান কৰে। শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আজিৰ সামৰণি অনুষ্ঠানৰ আদৰণি ভাষণ আৰু উদেশ্য ব্যখ্যা কৰে কেন্দ্ৰটিৰ প্ৰধান বিজ্ঞানী তথা মুৰব্বী ড০ ভবেশ চন্দ্ৰ ডেকাই।

ড০ ডেকাই মানৱীয় প্ৰমূল্য বজাই ৰাখি, সামান্য লাভৰ আশাত যাতে ক্ষতিকাৰক বস্তু যাতে কৃষকক নিদিয়ে। যাৰ ফলত আমাৰ মাটি, পানী, বায়ু নষ্ট নহয়। তাৰ প্ৰতি সদায় দ্বায়বদ্ধতা অৱলম্বন কৰিব লাগিব বুলি মন্তব্য কৰে। তেওঁ আৰু কয়- কৃষি সামগ্ৰী ব্যৱসায়ীসকলৰ সমাজত দায়িত্ব বহুত, কাৰণ তেওঁলোকে কৃষকক শুদ্ধ পৰামৰ্শ প্ৰদান কৰি কৃষি ব্যৱসায়ীসকলে সাকোঁৰ ভূমিকা পালন কৰিব লাগিব। এই সাকোঁ কৃষক আৰু বিভিন্ন এজেন্সি, কৃষি বিভাগ, কৃষি বিজ্ঞানী সকলোৰে সমন্বয়ক হিচাপে কাম কৰিব লাগিব। 

অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰে মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনিৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰাই। ড০ বৰাই "কৃষি সামগ্ৰী ব্যৱসায়ীসকলক এই ১৫ দিনীয়া প্ৰশিক্ষণৰ দ্বাৰা প্ৰয়োজনীয় জ্ঞানেৰে সমৃদ্ধ হৈ উপযুক্ত সময়ত কৃষক সকলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ মজুত ৰাখি সহায় কৰাৰ, লগতে কৃষি ব্যৱস্থাপনা, বিভিন্ন কৃষি প্ৰযুক্তিৰ পৰামৰ্শ প্ৰদানৰ জড়িয়তে কৃষক সকলৰ উত্তম কৃষি কাৰ্যত সহায়ক হব" বুলি প্ৰকাশ কৰে। 

উল্লেখযোগ্য যে, জুৰি দত্ত খাউণ্ডে আঁত ধৰা সামৰণি অনুষ্ঠানত অতিথি ৰূপে উপস্থিত থাকে নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা। বৰুৱাই প্ৰশিক্ষণ গ্ৰহণ কৰা কৃষি সামগ্ৰী ব্যৱসায়ীসকলে পৰৱৰ্তী সময়ত নিজৰ অঞ্চলৰ কৃষকসকলক প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰি, কৃষক সকল উপকৃত হোৱা বিভিন্ন কাৰ্যপন্থা হাতত লৈ সামাজিক দ্বায়িত্ব পালন কৰিব বুলি ভাষণ প্ৰদান কৰে।  

নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰৱন্ধক ৰাজেন্দ্ৰৰ আজমাউলি পাৰনা, নগাঁও জিলাৰ ২৫ গৰাকী কৃষি সামগ্ৰী ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সামৰণি অনুষ্ঠানত কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, প্ৰকল্প সহযোগী ৰূপক কুমাৰ টায়েকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থকে। উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱাৰ পূৰ্বে প্ৰশিক্ষণ গ্ৰহণ কৰা কৃষি সামগ্ৰী ব্যৱসায়ীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। 

ইফালে অনুষ্ঠানৰ পূৰ্বে কৃষকক গুনগত মানদণ্ডৰ বীজ যোগান ধৰা উদেশ্য আগত ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত ড্ৰাম চীডাৰৰ জড়িয়তে পোনপটীয়াকৈ বোকা পথাৰত ৰণজিৎ চাব ১ ধান সিঁচা (wet DSR) পদ্ধতিৰে ৰোপণ কৰা হয়। এই কাৰ্যসূচীৰ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ দ্বাৰা ৰণজিৎ চাব ১ ধানৰ বীজ পোনপটীয়াকৈ মূল পথাৰত সিঁচা হয়।

অসম কৃষি বিশ্ববিদ্যালয় কৃষি