আস্মিতা পেঞ্চাক চিলাট লীগ' ২০২৫-২৬ ৰ সফল সামৰণি

গুাৱাহাটীৰ বৰ্ষাপাৰাস্থিত চাউথ পইণ্ট স্কুল ইনড'ৰ ষ্টেডিয়ামত ৩০ নৱেম্বৰ তাৰিখে অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত আস্মিতা পেঞ্চাক চিলাট লীগ ২০২৫-২৬ ৰ সফলতাৰে সমাপন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
360

ডিজিটেল সংবাদ, গুৱাহাটী : গুাৱাহাটীৰ বৰ্ষাপাৰাস্থিত চাউথ পইণ্ট স্কুল ইনড'ৰ ষ্টেডিয়ামত ৩০ নৱেম্বৰ তাৰিখে অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত আস্মিতা পেঞ্চাক চিলাট লীগ ২০২৫-২৬ ৰ সফলতাৰে সমাপন কৰা হয় । অসম পেঞ্চাক চিলাট এছ'চিয়েচনৰ উদ্যোগত আৰু কামৰূপ মেট্ৰ' পেঞ্চাক চিলাট এছ'চিয়েচনৰ সহযোগত এই প্ৰতিযোগিতা আয়োজন কৰা হয় ।  

অসম পেঞ্চাক চিলাট এছ'চিয়েচনৰ প্ৰতিস্থাপক সম্পাদক লক্ষ্যজিত দলেৰ তদাৰকত আয়োজিত উক্ত প্ৰতিযোগিতাত ৰাজ্যৰ ২২ খন জিলাৰ ৩২৮ গৰাকী মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাখনিত মুখ্য অতিথিৰূপে মুখ্য অতিথিৰূপে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণৰ বাবে ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য-সচিব গীতাৰ্থ গোস্বামী, বিশিষ্ট অতিথিৰূপে ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ সঞ্চালক অঙ্কুৰ ভৰালী আৰু সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী, অসম ক্ৰীড়া প্ৰাধিকৰণৰ বকুল কলিতা, ক্ৰীড়া সাংবাদিক (অৱসৰ) উদয় বৰগোঁহাই, ক্ৰীড়া সংগঠক পংকজ কুমাৰ দাস, চাউথ পইণ্ট স্কুলৰ অধ্যক্ষ আৰু অসম পেঞ্চাক চিলাট এছ'চিয়েচনৰ যুতীয়া সম্পাদক গগণ বড়ো, সহকাৰী সম্পাদক স্বপন দৈমাৰীৰ লগতে কেইবাগৰাকী নেতৃবৃন্দ উপস্থিত থাকে।

WhatsApp Image 2025-11-30 at 10.11.50 PM

উল্লেখ্য যে স্পৰ্টছ্‌ অথৰিটী অৱ ইণ্ডিয়া চমুকৈ ছাইৰ নিৰ্দেশনাত সৰ্বভাৰতীয় পৰ্যায়ত চলি থকা "আস্মিতা ৱ'মেন্‌ছ পেঞ্চাক চিলাট লীগ'২০২৫-২৬"ৰ অংশৰূপে চাউথ পইণ্ট স্কুল ইনড'ৰ ষ্টেডিয়ামত আয়োজিত প্ৰতিযোগিতাখনি সাৰ্থক হৈছে বুলি অসম পেঞ্চাক চিলাট এছ'চিয়েচনৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলেই জানিবলৈ দিয়ে । প্ৰতিযোগিতাৰ শেষত ধেমাজী জিলাই ২৭টা সোণ, ২৩টা ৰূপ আৰু ২৪ টা ব্ৰঞ্জৰ পদকেৰে প্ৰথম স্থান, শোণিতপুৰ জিলাই দ্বিতীয় স্থান আৰু কামৰূপ (মেট্ৰ') জিলাই তৃতীয় শ্ৰেষ্ঠ বিজয়ী দলৰ স্থান আধিকাৰ কৰিবলৈ সক্ষম হয় ।

ক্ৰীড়া