/asomiyapratidin/media/media_files/2025/08/08/38-2025-08-08-17-57-27.jpg)
ডিজিটেল সংবাদ, চেঙা : বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। চোৰৰ বাবে এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়।
চোৰৰ বিৰুদ্ধে আৰু চোৰৰ ঘাটি উৎখাত কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়। তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ নেতৃত্বত তাৰাবাৰী আৰক্ষীয়ে অভিযান চলাই ২৪ ঘন্টাৰ ভিতৰত চুৰি হোৱা দুচকীয়া বাহন পাঁচখনকৈ উদ্ধাৰ কৰাৰ লগতে তিনিটাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয়।
তাৰাবাৰী আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে আবেলি বহৰি বজাৰৰ পৰা কাকধোৱা গাঁৱৰ মজিবৰ ৰহমানৰ এখন পালচাৰ বাইক চুৰি হৈছিল। এই চুৰি সংক্ৰান্তত তাৰাবাৰী আৰক্ষী থানাত মজিবৰ ৰহমানে দাখিল কৰিছিল এজাহাৰ।
তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ে এজাহাৰ পোৱাৰ তিনিঘন্টাৰ ভিতৰতে বহৰিৰ মথাউৰিৰ পৰা উদ্ধাৰ কৰে মজিবৰ ৰহমানৰ চুৰি হোৱা পালচাৰ বাইকখন। পালচাৰ বাইকখন চুৰি কৰি নিয়াৰ অভিযোগত পালচাৰ বাইকসহ আটক কৰে বৰপেটা সদৰ থানাৰ অন্তৰ্গত শিলা গাঁৱৰ ফাৰুক আলী(১৮)ক। শুকুৰবাৰে তাৰাবাৰী আৰক্ষীয়ে পুনৰ অভিযান চলাই আন চাৰিখন চুৰি হোৱা দুচকীয়া বাহন উদ্ধাৰ কৰাৰ লগতে পুনৰ দুটা চোৰক আটক কৰিবলৈ সক্ষম হয়।
বৰপেটা সদৰ থানাৰ অন্তৰ্গত পালহাজীত থকা হাচেন কাজীৰ গেৰেজৰ পৰা তাৰাবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি হোৱা দুচকীয়া বাহন চাৰিখন। এখন পালচাৰ, দুখন স্কুটি আৰু এখন গ্লেমাৰ বাইক উদ্ধাৰ কৰে হাচেন কাজীৰ গেৰেজৰ পৰা। দুচকীয়া বাহন চাৰিখন চুৰিৰ অভিযোগত পালহাজীৰ হাচেন কাজী(২৭) আৰু শিলাৰ ৰাজিবুল মিয়াক আটক কৰে আৰক্ষীয়ে।
হাচেন কাজীক পালহাজীৰ পৰা আৰু ৰাজিবুল মিয়াক শুহাৰ পৰা আটক কৰে আৰক্ষীয়ে। চোৰ তিনিটাৰ পৰা অধিক তথ্য উদঘাটনৰ বাবে সোধাপোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
দুদিনমান পূৰ্বে বহৰিত বিজেপিৰ নেতাৰ ঘৰত সংঘটিত চুৰিকাণ্ডৰ লগত জৰিত থকাৰ অভিযোগত তিনিটাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি হোৱা সোণৰ আ-অলংকাৰ উদ্ধাৰ কৰিছিল তাৰাবাৰী আৰক্ষীয়ে। তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ে চোৰৰ বিৰুদ্ধে চলোৱা অভিযানক প্ৰশংসা কৰিছে সচেতন লোকে।