/asomiyapratidin/media/media_files/2025/12/04/397-2025-12-04-17-06-37.jpg)
ডিজিটেল সংবাদ, কামপুৰ : বৃহস্পতিবাৰে নগাঁও জিলাৰ কামপুৰ আৰক্ষীয়ে ড্ৰাগছ বিৰুদ্ধে ব্যাপক অভিযান চলায়।কামপুৰ থানাৰ এটা আৰক্ষী দলে এক গোপন খবৰৰ ভিত্তিত পশ্চিম কাকতিগাঁও আৰু বৰুৱাবালিত চলাই এই অভিযান।
অভিযানত প্ৰায় ৪.৪৫গ্ৰাম সন্দেহযুক্ত ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। গোপন খৱৰৰ ভিত্তিত প্ৰথমতে অভিযান চলাই পশ্চিম কাকতি গাঁৱত ড্ৰাগছসহ জেহেৰুল ইছলাম নামৰ এজনক আটক কৰিবলৈ সক্ষম হয়।
লোকজনৰ ঘৰ জাগীৰোড থানাৰ অন্তৰ্গত কুয়াদলত বুলি সদৰী কৰে। ধৃত জেহেৰুল ইছলামৰ পৰা ৩টা প্লাষ্টিক কণ্টেনাৰত থকা ৩.২৬ গ্রাম সন্দেহযুক্ত হেৰোইন জব্দ কৰিবলৈ সক্ষম হয় । পিছত আৰক্ষীয়ে অভিযান চলাই কামপুৰৰ বৰুৱাবালিত।বাৰুৱাবালিত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ ৰহা টাউনৰ উদ্ধৱ দাস নামৰ এজন লোকক আটক কৰে।
ধৃত উদ্ধৱ দাসৰ পৰা ২টা প্লাষ্টিকৰ কন্টেইনাৰত থকা ২.২০ গ্ৰাম সন্দেহযুক্ত হেৰোইন উদ্ধাৰ কৰে আৰক্ষীয়ে। ইতিমধ্য আৰক্ষীয়ে ধৃত দুয়োজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা বুলি সদৰী কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us