/asomiyapratidin/media/media_files/2026/02/17/144-2026-02-17-23-45-56.jpg)
ডিজিটেল সংবাদ, ধেমাজি : সদ্যঘোষিত অসম লোক আয়োগৰ পৰীক্ষাত ধেমাজি জিলাৰ তিনিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ ইয়াৰে ৩১ সংখ্যক স্থান লাভ কৰিছে ৰূপনগৰৰ ৬ নং ৱাৰ্ড নিবাসী ডা০ যোগেন দাস আৰু জয়া সোণোৱালৰ কন্যা বিদিশা দাস বাঘ্ৰীয়ে ৷
ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্য্যালয়ৰ মহকুমাৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডা০ যোগেন দাসৰ কন্যা বিদিশাই ২০১৪ চনত ধেমাজি এচ এফ এচ স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ২০১৬ চনত ডিব্ৰুগড় ছল্টব্ৰুক একাডেমী পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছিল। একেদৰে ২০২০ চনত কটন কলেজৰ পৰা স্নাতক উত্তীৰ্ণ হৈ ২০২২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷
আনহাতে ৩২ সংখ্যক স্থান লাভ কৰে জামুকগুৰি পাঁচআলি অঞ্চলৰ বিষ্ণুপুৰ কলিতা গাঁৱৰ নিবাসী জয়ৰাম কলিতা আৰু মাতৃ মামনি কলিতাৰ কন্যা পম্পী কলিতাই ৷ ২০১৮ চন আৰু ২০২০ চনত ধেমাজি জৱাহৰ নৱোদয় কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা পম্পীয়ে ২০২৩ চনত মিৰন্দা হাউচ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী উত্তীৰ্ণ হৈছিল ৷
উল্লেখ্য যে বিগত ২০২৪ বৰ্ষৰ অসম লোক সেৱা আয়োগৰ পৰীক্ষাতো পম্পীৰ বায়েক হেমপ্ৰভা কলিতাই ৫২ সংখ্যক স্থান লাভ কৰি ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ ইফালে ৩৪ সংখ্যক স্থান লাভ কৰা ২ নং ৱাৰ্ডৰ নিবাসী মন্টু ভুঞা আৰু সংগীতা ভুঞাৰ পুত্ৰ চিন্ময় ভুঞাই ২০১৪ চনত ধেমাজি এচ এফ এচ স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ২০১৬ চনত ডিব্ৰুগড় ছ'ল্টব্ৰুক একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।
২০১৯ চনত স্নাতক ডিগ্ৰী লোৱা চিন্ময়ে পৰৱৰ্তী ২০২১ চনত নেৰিষ্টৰ পৰা ৰসায়ন বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷ উল্লেখ্য যে তৃতীয়বাৰত এ চি এছ পাবলৈ সক্ষম হোৱা চিন্ময়ে অসম লোক সেৱা আয়োগৰ কোনোধৰণৰ ক'চিং নোলোৱাকৈয়ে এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us