/asomiyapratidin/media/media_files/2025/08/26/subrata-cup-26-2025-08-26-20-34-44.jpg)
ডিজিটেল সংবাদ বোকাখাতঃ অহা ২ ছেপ্টেম্বৰৰ পৰা বেংগালোৰত অনুষ্ঠিত হ’ব লগীয়া আন্তঃৰাষ্ট্ৰীয় সুব্ৰত কাপ ফুটবল খেলত অসম দলৰ হৈ প্ৰতিদ্বন্দিতা কৰিবলগীয়া নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলটোৱে নুমলীগড় শোধনাগাৰ পোষকতাত শোধনাগাৰ ফুটবল একাডেমীৰ যোগেদি ব্যাপক অনুশীলন অব্যাহত ৰাখিছে। এই দলটোক অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুয়ে নুমলীগড়ত অভিনন্দন জনোৱাৰ লগতে নুমলীগড়ৰ দল সংগঠনে ব্যাপক সহাৰি জনাইছে।
ইফালে অহা বুধবাৰৰ পৰা হ'ব লগা ১৭ বছৰ অনুৰ্ধ্ব ল'ৰাৰ দেওকন ট্ৰফী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে মঙলবাৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটো পুৱাই গুৱাহাটীলৈ ৰাওনা হয়। এই যাত্ৰাৰ প্ৰাক মুহূৰ্তত দলটোক স্থানীয় ৰাইজ, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে শুভেচ্ছা জ্ঞাপন কৰে।
দেওকন ট্ৰফীৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে দলটোৱে নুমলীগড় শোধনাগাৰ লিমিটেডৰ ফুটবল একাডেমীৰ তত্বাৱধানত কেইবাদিনো পূৰ্ণোদ্যমে অনুশীলন কৰে। উল্লেখযোগ্য যে যোৱাবাৰো নুমলীগড় শোধনাগাৰ ফুটবল একাডেমীৰ বিশেষ প্ৰশিক্ষণৰ ফলশ্ৰুতিত এই দলটোৱে সুব্ৰত কাপ, দেওকন ট্ৰফী, পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতাত অত্যন্ত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল।
স্মৰ্তব্য যে, নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ আৰ্থিক প্ৰেৰণা আৰু উৎসাহৰ ফলতে যোৱা বছৰ পিলিক চৌধুৰী আৰু দেওকন ট্ৰফীত চেম্পিয়ন হৈ সুব্ৰত কাপ খেলাৰ যোগ্যতা অৰ্জন কৰিছিল এই দলটোৱে। শোধনাগাৰ কৰ্তৃপক্ষৰ এনে বদন্যতাৰ বাবে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰে।