ৰহস্যজনকঃ কাবেৰী নৈত উদ্ধাৰ পদ্মশ্ৰী বঁটা বিজয়ী বিজ্ঞানীৰ মৃতদেহ

ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হ'ল ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা পদ্মশ্ৰী বঁটা বিজয়ী ড০ সুবন্না আয়্যাপ্পন। নদীত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

author-image
Asomiya Pratidin
New Update
নৈৰ পাৰত পৰি আছে বিজ্ঞানীগৰাকীৰ স্কুটি

নৈৰ পাৰত পৰি আছে বিজ্ঞানীগৰাকীৰ স্কুটি

ডিজিটেল ডেস্কঃ ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হ'ল ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা পদ্মশ্ৰী বঁটা বিজয়ী ড০ সুবন্না আয়্যাপ্পন। নদীত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। কৰ্ণাটকৰ শ্ৰীৰংগপট্নাৰ সাই আশ্ৰমৰ সমীপৰ কাবেৰী নদীত মৃতদেহটো উপঙি থকা অৱস্থাত দেখা পোৱাৰ পাছতে আৰক্ষীক অৱগত কৰিছিল প্ৰত্যক্ষদৰ্শীয়ে।

Advertisment

উল্লেখযোগ্য যে, পত্নীৰ সৈতে মহীচুৰুত বাস কৰা ডাঃ আয়্যাপ্পান বিগত ৭ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল। স্কুটিখনো নদীৰ পাৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱাৰ ফলত তেওঁৰ মৃত্যুৰ ৰহস্য আৰু অধিক গভীৰ হৈ পৰিছে। শ্ৰীৰংগপট্নাৰ কাবেৰী নদীৰ পাৰত অৱস্থিত সাইবাবা আশ্ৰমত তেওঁ সঘনাই ধ্যান কৰিছিল বিজ্ঞানীগৰাকীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। 

ড০ সুবন্না আয়্যাপ্পান (৭০) এগৰাকী কৃষি আৰু মীন বিভাগৰ (জলজ কৃষি) বিজ্ঞানী আছিল। আইচিএআৰৰ নেতৃত্ব দিয়া প্ৰথমজন বিজ্ঞানী আছিল ড০ সুবন্না আয়্যাপ্পান। বিজ্ঞানীগৰাকীৰ অকাল মৃত্যুত দেশজুৰি পৰিছে শোকৰ ছাঁ। সমগ্ৰ ঘটনাৰ চিবিআইৰ তদন্তৰ দাবী জনাইছে একাংশ লোকে।

ড০ সুবন্না আয়্যাপ্পন