বিপদজনক সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পঃ লোকসভাত উন্মোচিত তথ্য

আজি লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত জনোৱা অনুসৰি ১৫০০ মিটাৰৰ ওপৰত আৰু হিমালয়ৰ উচ্চভূমিত অৱস্থিত জলবিদ্যুৎ প্ৰকল্পসমূহক "বিপদজনক (vulnerable)" হিচাপে চিহ্নিত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
বিপদজনক সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পঃ লোকসভাত উন্মোচিত তথ্য

ডিজিটেল ডেস্কঃ ভাৰতৰ শক্তি মন্ত্ৰ্যালয়ে আজি লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত জনোৱা অনুসৰি ১৫০০মিটাৰৰ ওপৰত আৰু হিমালয়ৰ উচ্চভূমিত অৱস্থিত জলবিদ্যুৎ প্ৰকল্পসমূহক "বিপদজনক (vulnerable)" হিচাপে চিহ্নিত কৰা হৈছে। এইসমূহৰ ভিতৰত আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পও।

Advertisment

উল্লেখ্য যে, সাংসদ আজাদ কীৰ্তি ঝাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ৰ ৰাজ্য মন্ত্ৰী শ্ৰীপদ নায়কে এই কথা উল্লেখ কৰিছে। তেওঁ লোকসভাত জনোৱা মতে দেশজুৰি ২৫ মেগাৱাটতকৈ অধিক ক্ষমতাসম্পন্ন ২০৯ টা জলবিদ্যুৎ প্ৰকল্প (HEP) বৰ্তমান সক্ৰিয় অৱস্থাত আছে।এইবোৰৰ মুঠ সংযুক্ত ক্ষমতা ৪৩.১৮ গিগাৱাট (GW) বুলি জনাইছে শক্তি ৰাজ্য মন্ত্ৰী নায়কে।

স্মৰ্তব্য, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতাক লৈ যোৱা সময়ছোৱাত ৰাজ্যৰ বিশেষজ্ঞসকলে মুকলিকৈ মত প্ৰকাশ কৰি অহাৰ সমান্তৰালকৈ ইয়াৰ ভয়াৱহতাৰ ছবিখন ইতমধ্যে সংঘটিত হোৱা কেইবাটাও ঘটনাত স্পষ্ট হৈছে। আজিও কাৰ্যক্ষম কৰিব নোৱাৰা এই জলবিদ্যুৎ প্ৰকল্প যে জনজীৱন, জৈৱ বৈচিত্ৰৰ প্ৰতি অতি ভয়াৱহ সেই দাবী পূৰ্বৰে পৰা কৰি অহা হৈছিল। 

আজি লোকসভাত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীৰ মন্তব্যত এই কথা অধিক স্পষ্ট হৈ পৰিছে। তাৰোপৰি মন্ত্ৰীগৰাকীয়ে আজি এই সংক্ৰান্তীয় আন কেইটামান প্ৰশ্নৰ উত্তৰত কয় যে, দেশৰ সকলো জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পূৰ্বে পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ৰ পৰা অনুমোদন লাভ কৰিছে। 

যিসমূহ প্ৰকল্প উচ্চভূমি অঞ্চলত অৱস্থিত বিশেষকৈ হিমালয়ৰ আগভাগত সেইবোৰ Central Electricity Authority ৰ দ্বাৰা বিপদজনক হিচাপে চিহ্নীত হৈছে। এই প্ৰকল্পসমূহত  Early Warning System প্ৰয়োগ কৰাটো বাধ্যতামূলক কৰা হৈছে। প্ৰকল্পসমূহৰ সৈতে জড়িত সংস্থাক  Central Electricity Authority এ এই সংক্ৰান্তীয় পৰামৰ্শও প্ৰদান কৰিছে। 

উল্লেখযোগ্য যে, অসমৰ লগতে অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু-কাশ্মীৰৰ বহু কেইটা প্ৰকল্প বিপদজনক প্ৰকল্পৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছে। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উপৰিও এই তালিকাত অসমৰ আন দুটা জলবিদ্যুৎ প্ৰকল্প ক্ৰমে ৰঙানদী আৰু কামেঙো স্পৰ্শকাতৰ হিচাপে অভিহিত হৈছে। 

 

লোকসভা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প