বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা সন্ধানহীন এগৰাকী যুৱতী

১৮ ডিচেম্বৰৰ দিনা মেহেদি আঁকিবলৈ ঘৰৰ পৰা দিনৰ ভাগতে ওলাই গৈছিল যুৱতীগৰাকী। কিন্তু ঘৰৰ পৰা কামৰ কাৰণে এলাই যোৱাৰ কিচু সময় পাছৰে পৰা যুৱতীগৰাকীৰ মোবাইল ফোন অফ হৈ পৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দিনক দিনে বৃদ্ধি পাইছে বৃদ্ধি পাবলৈ লৈছে সন্ধানহীনৰ ঘটনা। এইবাৰ বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা সন্ধানহীন এগৰাকী যুৱতী। যুৱতীগৰাকীৰ নাম ধৃতিৰেখা বৈশ্য। ইপিনে ১৮ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছে যুৱতীগৰাকী।পিতৃহাৰা যুৱতীগৰাকীক বিচাৰি অসহায়  হৈ পৰিছে পৰিয়ালৰ লোক। যুৱতীগৰাকী মেহেন্দী আৰ্টিছ  বুলি জানিব পৰা গৈছে।

ap3

উল্লেখ্য যে,  ১৮ ডিচেম্বৰৰ দিনা মেহেদি আঁকিবলৈ ঘৰৰ পৰা দিনৰ ভাগতে ওলাই গৈছিল যুৱতীগৰাকী। কিন্তু ঘৰৰ পৰা কামৰ কাৰণে এলাই যোৱাৰ কিচু সময় পাছৰে পৰা যুৱতীগৰাকীৰ মোবাইল ফোন অফ হৈ পৰে। ইপিনে এই বিষয়টো সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাক অৱগত কৰিছে পৰিয়ালৰ লোকে। কিন্তু বৰ্তমানলৈ কোনো সম্ভেদ পোৱা নাই যুৱতীগৰাকীৰ।

ap 2

তাৰোপৰি যুৱতীগৰাকী সন্ধানহীন হোৱাৰ পৰা ককায়েক আৰু মাতৃ অসুস্থ হৈ পৰিছে। আনপিনে যুৱতীগৰাকীৰ কোনো সম্ভেদ পালে  9101021167 নম্বৰত  যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

ap 1

শুৱালকুছি